Breaking

ইৰানৰ কাৰাৰুদ্ধ সমাজকৰ্মী নাৰ্গেছ মহম্মদীলৈ শান্তিৰ নোবেল বঁটা

0 59

ইৰানৰ কাৰাৰুদ্ধ সমাজকৰ্মী নাৰ্গেছ মহম্মদীক ইৰাণত মহিলাৰ স্বাধীনতাৰ বাবে কৰি অহা সংগ্ৰামৰ স্বীকৃতি স্বৰূপে ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। ইৰাণৰ সমাজকৰ্মীগৰাকীক শুক্ৰবাৰে শান্তিৰ নবেল বঁটা আগবঢ়োৱাৰ কথা নোবেল সমিতিয়ে ঘোষণা কৰে।

তেওঁক ইতিমধ্যে ইৰানী কৰ্তৃপক্ষই ৩১ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। কাৰাগাৰত থকা অৱস্থাতেই তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰিছে। নাৰ্গেছক এতিয়ালৈকে ১৩ বাৰ গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা বছৰ, ইৰানী মহিলা মাহচা আমিনীয়ে হিজাব পৰিধান নকৰাৰ বাবে আৰক্ষীয়ে আটক কৰাৰ পিছত আৰক্ষীৰ জিম্মাতে মৃত্যু হৈছিল।

সংঘাত, সংগ্ৰাম আৰু এটা বিপ্লৱৰ গুৰিধৰোঁতা নাৰ্গেছ মোহম্মদীৰ প্ৰতি এয়া বিৰলৰো বিৰল স্বীকৃতি৷ ইৰাণৰ মহিলাৰ মানৱীয় অধিকাৰৰ বাবে যুঁজ দি কাৰাবন্দী হৈ থকা নাৰ্গেছ আজি বিশ্ববন্দিত।

ইৰাণৰ দৰে এখন ইছলামপ্ৰধান দেশত এগৰাকী নাৰীয়ে প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে অহৰহ যুঁজ দি অহাটো সহজ কথা নহয়৷ য’ত নাৰীক গণ্য কৰা হয় পণ্য হিচাপে, তেনে এটা ব্যৱস্থাত এগৰাকী নাৰী হৈ নাৰী উৎপীড়নৰ বিৰুদ্ধে আৱাজ তোলা মানৱ অধিকাৰ কৰ্মী নাৰ্গেছ মোহম্মদীৰ জীৱনৰ বুৰঞ্জী মসৃণ নহয়৷

খলা-বমা বাট পাৰ হৈ তেজৰ আখৰেৰে নাৰীমুক্তিৰ নতুন ইতিহাস লিখিব খোজা নাৰ্গেছক এতিয়ালৈ ১৩বাৰ গ্ৰেপ্তাৰ কৰা হৈছে, দোষী সাব্যস্ত কৰা হৈছে পাঁচবাৰ৷ মুঠ ৩১ বছৰ কাৰাবাস আৰু ১৫৪টা বেত্রাঘাতৰ শাস্তিৰো সন্মুখীন হৈছে নাৰ্গেছ৷

ইৰাণৰ মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে তেহৰাণৰ এভিন কাৰাগাৰত একাধিকবাৰ কাৰাৰুদ্ধ হৈছে৷ ছুইডিছ একাডেমীৰ মতে, শান্তিৰ নোবেল বঁটা বিজয়ীসকলে তেওঁলোকৰ গৃহদেশত নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰে আৰু বহু বছৰ ধৰি প্ৰতিষ্ঠানবিৰোধী স্থিতি আৰু নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ অধিকাৰক প্ৰচাৰ কৰি আহিছে৷ তেওঁলোকে একেলগে শান্তি আৰু গণতন্ত্ৰৰ বাবে নাগৰিক সমাজৰ তাৎপৰ্য প্ৰদৰ্শন কৰে৷

Leave A Reply