Breaking

অতিমাত্ৰা প্ৰেমে ৰঙা ঘৰৰ আলহী যুৱক ! হিন্দু যুৱকে মুছলমানৰ পৰিচয় দি চলাই গৈছিল প্ৰেম

0 59

হিন্দু যুৱকে মুছলমানৰ পৰিচয় দি প্ৰেম কৰি ৰঙা ঘৰৰ আলহী। বঙাইগাঁৱৰ বালাৰচৰত সংঘটিত হৈছে এই ঘটনা।
বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত বালাৰচৰ দ্বিতীয় খণ্ডত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। হিন্দু যুৱক এজনে নিজকে মুছলমান হিচাপে পৰিচয় দি এগৰাকী মুছলমান যুৱতীৰ লগত প্ৰেম কৰি ৰঙা ঘৰৰ আলহী হৈছে।

যোৱা এবছৰ আগত ধুবুৰীৰ নয়াহাটৰ বিশাল দাস নামৰ যুৱকজনে নিজকে বিশাল আলী বুলি পৰিচয় দি বালাৰচৰ দ্বিতীয় খণ্ড গাঁৱৰ এগৰাকী যুৱতীৰ লগত ভালপোৱা গঢ়ি তুলিছিল। এবছৰ ধৰি যুৱকজনে যুৱতী গৰাকীৰ লগত ফোনত বাৰ্তালাপ কৰি কৰি অৱশেষত যুৱতী গৰাকীক নিবলৈ যুৱতীগৰাকীৰ নিজ গৃহ বালাৰচৰত উপস্থিত হয় যুৱকজন।

যুৱকজনক লগত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে কথা পাতি ওৰহী গছৰ ওৰ ওলাই পৰে। পৰিয়ালৰ লোকে যুৱকজন হিন্দু বুলি জানিব পাৰি মেৰেৰচৰ আৰক্ষী থানাত খবৰ দিয়ে। ঘটনাস্থলীত মেৰেৰচৰ আৰক্ষী উপস্থিত হৈ যুৱকজনক লৈ যায়।

Leave A Reply