“মোৰ প্ৰতিটো কামে,
মোৰ প্ৰতিটো চিন্তাই
এই দেশৰ বুকুত ৰচে
শইচ-সোণোৱালী ভৱিষ্যতৰ সপোন ।
মোৰ জীৱনৰ আঁহে আঁহে
মোৰ যৌৱনৰ কোঁহে-কোঁহে
সেই সপোনৰ কলৰোল “।
আজি কবি হীৰেন ভট্টাচাৰ্য্যৰ মৃত্যুবাৰ্ষিকী। সুগন্ধি পখিলাৰ কবি হীৰুদাক সশ্ৰদ্ধ স্মৰণ। ২০১২ চনৰ ৪ জুলাইত কাব্য অনুৰাগীসকলক কন্দুৱাই চিৰ দিনৰ বাবে আঁতৰি গৈছিল হীৰুদা ৷ (Hiren Bhattacharya)
কবি বুলি ক’লেই প্ৰত্যেকৰে মনলৈ অহা এটা নাম “সুগন্ধি পখিলাৰ কবি” অথবা “হীৰুদা” নামেৰে খ্যাত হীৰেন ভট্টাচাৰ্য্য দেৱৰ প্ৰতিটো কবিতা ৰাইজৰ মাজত জনপ্ৰিয়।(poet)
অসমীয়া ৰোমান্টিক কবিতাৰ ক্ষেত্ৰত হীৰুদাই সৃষ্টি কৰিছিল এক নতুন ধাৰাৰ। তেওঁৰ কলমত প্ৰাণ পাই উঠিছিল ৰৌদ্ৰ কামনা, কবিতাৰ ৰ’দ, তোমাৰ বাঁহী, সুগন্ধি পখিলা, মোৰ দেশ আৰু প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, শইচৰ পথাৰ মানুহ, মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বুকুৰ মাটি, ভালপোৱাৰ দিকচৌ বাটেৰে আদি কবিতা পুথি। আজি ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে হীৰুদাক।(death anniversary)