Breaking

দেশৰ বাবে ঐতিহাসিক দিন! উত্তৰাখণ্ড বিধানসভাত গৃহীত ইউনিফৰ্ম চিভিল কোড বিধেয়ক, কি আছে বিধেয়ক খনত…

0 25

দেশৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন হিচাবে পৰিগণিত হৈছে। কাৰণ ভাৰতৰ প্ৰথম ৰাজ্য হিচাবে উত্তৰাখণ্ড বিধানসভাই বুধবাৰে ইউনিফৰ্ম চিভিল কোড বিধেয়ক ( অভিন্ন নাগৰিক সংহিতা বিধেয়ক )গৃহীত কৰে। এই বিধেয়কে বৈবাহিক সম্পৰ্ক আৰু উত্তৰাধিকাৰ নিয়ন্ত্ৰণ কৰা ধৰ্মীয় ব্যক্তিগত আইনৰ সলনি কৰিব বিচাৰিছে । মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে মঙলবাৰে সদনত বিতৰ্কিত বিধেয়ক খন উত্থাপন কৰিছিল।আজি এই বিষয়ত উত্তপ্ত আলোচনাৰ পিছত বিধেয়ক খন গৃহীত কৰা হয়। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ধামীয়ে বিধানসভাত কয় ” স্বাধীনতাৰ পিছত, সংবিধানৰ প্ৰণেতাসকলে অনুচ্ছেদ ৪৪-ৰ অধীনত অধিকাৰ দিছিল যে ৰাজ্যবোৰে উপযুক্ত সময়ত ইউচিচি প্ৰৱৰ্তন কৰিব পাৰে। আমি সাংবিধানিক ব্যৱস্থা অনুসৰি খচৰা খন প্ৰস্তুত কৰিছিলো,”। উল্লেখ্য ২০২২ চনৰ উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰত ইউনিফৰ্ম চিভিল কোডৰ ৰূপায়ণ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য প্ৰতিশ্ৰুতি আছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিশ্ৰুতি দিছে যে অসম আইনখন কাৰ্যকৰী কৰা দ্বিতীয় খন ৰাজ্য হ’ব। বিধেয়কখনে বিবাহ আৰু ইয়াৰ সৈতে সম্পৰ্কিত প্ৰতিষ্ঠানত ব্যাপক পৰিৱৰ্তন আনিব বিচাৰিছে। আইনখনৰ মুখ্য বিষয় এটা হৈছে যে ই লিভ-ইন সম্পৰ্ক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰিব। আইন খনৰ মতে সম্পৰ্কত প্ৰৱেশ কৰাৰ তাৰিখৰ এমাহৰ ভিতৰত লিভ-ইন সম্পৰ্ক পঞ্জীয়ন কৰিব লাগিব। প্ৰাপ্তবয়স্কসকলে তেওঁলোকৰ পিতৃ-মাতৃৰ পৰা এই বিষয়ত সন্মতি লাভ কৰিব লাগিব। বিধেয়কখনে বাল্য বিবাহৰ ক্ষেত্ৰতো সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে আৰু বিবাহ বিচ্ছেদৰ বাবে এক অভিন্ন প্ৰক্ৰিয়াৰ প্ৰৱৰ্তন কৰিছে। আইন খনে সকলো ধৰ্মৰ মহিলাক তেওঁলোকৰ পৈতৃক সম্পত্তিত সমান অধিকাৰ প্ৰদান কৰিছে। বিধেয়কখনে সকলো সম্প্ৰদায়ৰ বাবে বিবাহৰ বাবে নূন্যতম বয়স নিৰ্ধাৰণ কৰিছে – মহিলাৰ বাবে ১৮, পুৰুষৰ বাবে ২১। সকলো ধৰ্মৰ বাবে বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে। বিবাহক পঞ্জীয়ন অবিহনে অবৈধ বুলি গণ্য কৰা হ’ব। আগশাৰীৰ মুছলমান সংস্থাসমূহে এই আইন খনৰ বিৰোধিতা কৰিছে।

অখিল ভাৰতীয় মুছলিম ব্যক্তিগত আইন পৰিষদৰ কাৰ্যকৰী সমিতিৰ সদস্য খালিদ ৰছিদ ফাৰাংগী মহালীয়ে কয় ” মূলতঃ, এনে ধৰণৰ ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ কোনো প্ৰয়োজন নাই, কাৰণ ধামীয়ে নিজেই কৈছে যে কিছুমান সম্প্ৰদায়ক আইনৰ পৰা ৰেহাই দিয়া হ’ব। এনেদৰেই একতা হ’ব নেকি? ইউচিচিৰ অৰ্থ হৈছে যে ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ ওপৰত একে আইন কাৰ্যকৰী কৰা উচিত,” । জমিয়ত উলেমা-ই-হিন্দে কৈছে যে মুছলমানসকলে শ্বৰিয়াৰ সৈতে আপোচ কৰিব নোৱাৰিব।হিন্দৰ এগৰাকী নেতাই কয় ” আমি শ্বৰিয়াৰ বিৰোধী কোনো আইন গ্ৰহণ কৰিব নোৱাৰো । কিয়নো এজন মুছলমানে সকলো বস্তুৰ সৈতে আপোচ কৰিব পাৰে, কিন্তু তেওঁ কেতিয়াও শ্বৰিয়া আৰু ধৰ্মৰ সৈতে আপোচ কৰিব নোৱাৰে,” ।

এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ৱাইচিয়েও আইন খনৰ বিৰোধিতা কৰিছে। তেওঁ দাবী কৰিছিল যে বিধেয়কখনে মুছলমান সম্প্ৰদায়ৰ ধৰ্ম আৰু সংস্কৃতি পালন কৰাৰ অধিকাৰ উলংঘা কৰিছে।

উত্তৰাখণ্ড চৰকাৰে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত ২০২২ত ইউচিচিৰ বাবে খচৰা প্ৰস্তুত কৰিবলৈ এখন পেনেল গঠন কৰিছিল। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰমোদ কোহলী, সমাজকৰ্মী মনু গৌড়, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য সচিব শত্ৰুঘ্ন সিং আৰু ডুন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুৰেখা দাংৱালে ৭৪০ পৃষ্ঠাজোৰা এখন খচৰা প্ৰতিবেদন প্ৰস্তুত কৰিছিল আৰু এই খচৰাৰ আছে চাৰিটা খণ্ড।

মুখ্যমন্ত্ৰী ধামীৰ মতে, ইউচিচি বিধেয়ক হৈছে ৰাজহুৱা আলোচনা আৰু পৰামৰ্শৰ ফলাফল। ইউচিচি উত্তৰাখণ্ড ২০২৪ বিধেয়কত বহুবিবাহ আৰু বাল্য বিবাহৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা ৰখাৰ দৰে পৰামৰ্শ অন্তৰ্ভুক্ত আছে। বিধেয়কখনৰ কিছুমান মুখ্য বিশেষত্বৰ ভিতৰত আছে – পুত্ৰ আৰু কন্যাৰ বাবে সমান সম্পত্তিৰ অধিকাৰ, বৈধ আৰু অবৈধ সন্তানৰ মাজৰ পাৰ্থক্য নাইকিয়া কৰা, মৃত্যুৰ পাছত সমান সম্পত্তিৰ অধিকাৰ আৰু তোলনীয়া আৰু জৈৱিক শিশুৰ অন্তৰ্ভুক্তি।

কি এই ইউনিফৰ্ম চিভিল কোড?
ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ উমৈহতীয়া দেৱানী বিধি বা অভিন্ন নাগৰিক সংহিতাৰ কথা ভাৰতীয় সংবিধানৰ ৪৪ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে। যি ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিৰ অংশ। ইউনিফৰ্ম চিভিল কোড হৈছে বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ ব্যক্তিগত আইনসমূহৰ ঠাইত সকলো নাগৰিকৰ বাবে এক উমৈহতীয়া আইনগোটৰ প্ৰস্তাৱ। আৰু ইউচিচিৰ বিষয়ে উল্লেখ থকা ভাৰতীয় সংবিধানৰ ৪৪ নং অনুচ্ছেদ ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিৰ অংশ৷ ৰাষ্ট্ৰীয় সংহতি আৰু লিংগ ন্যায়ৰ প্ৰসাৰৰ উপায় হিচাপে উমৈহতীয়া দেৱানী বিধিক কিছুমানে সমৰ্থন কৰিছে, কিন্তু ধৰ্মীয় স্বাধীনতা আৰু বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি হিচাপে আন কিছুমানে বিৰোধিতা কৰিছে। ভাৰতৰ ঠাইবিশেষে একাংশ নাগৰিকে নিজৰ ধৰ্মীয় বা সম্প্ৰদায়ৰ পৰিচয়ৰ ওপৰত ভিত্তি কৰি বিভিন্ন ব্যক্তিগত আইন মানি চলে। ভাৰতত বৰ্তমান সময়ত প্ৰতিটো ধৰ্মাৱলম্বী লোক নিজা নিজা ব্যক্তিগত আইনৰ দ্বাৰা পৰিচালিত আৰু ধৰ্মীয় পৰিচয়ৰ ওপৰত ভিত্তি কৰিয়েই ব্যক্তিগত আইন নিৰ্ধাৰণ কৰা হয়। ভাৰতবৰ্ষ বৈচিত্ৰ্যপূৰ্ণ ধৰ্ম, সংস্কৃতি আৰু পৰম্পৰাৰ দেশ। বৈচিত্ৰ্যৰ মাজত ঐক্যই এই দেশৰ পৰিচয়৷ প্ৰতিটো সম্প্ৰদায়ৰ নিজস্ব ব্যক্তিগত আইন আৰু ৰীতি-নীতিৰ গোট থাকে যিয়ে তেওঁলোকৰ দেৱানী বিষয়সমূহ নিয়ন্ত্ৰণ কৰে। গতিকে এনে বৈচিত্ৰ্যৰ মাজত এক উমৈহতীয়া ভিত্তি উলিওৱাটো জটিল আৰু প্ৰত্যাহ্বানপূৰ্ণ। অকল ইমানেই নহয়, বহু ধৰ্মীয় আৰু সংখ্যালঘু গোটে ইউচিচিক তেওঁলোকৰ ধৰ্মীয় স্বাধীনতা আৰু সাংস্কৃতিক স্বায়ত্তশাসনৰ উলংঘন বুলি গণ্য কৰে৷

Leave A Reply