ভাদ মাহত পালনামৰ বাবে সাজু ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ

সমাগত পবিত্ৰ ভাদ মাহ।পালনামৰ বাবে সাজু হৈছে ঐতিহাসিক মাধৱদেৱে প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ।পবিত্ৰ ভাদ মাহ সোমাবলৈ মাত্ৰ মাজত ৫ দিনহে বাকী।পূৰ্বৰ পৰম্পৰা অনুসৰি মাহজোৰা পালনামৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে উজনি অসমৰ পিঠ স্থান স্বৰুপ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ।ৰাজ্যত ক’ভিড মহামাৰীৰ দ্বিতীয় ঢৌ এই পৰ্য্যন্ত অব্যাহত আছে যদিও অনিচ্ছয়তাৰ মাজতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে ঢেকীয়াখোৱা বৰ নামঘৰ।বৰনামঘৰ চৌহদ চুণ তেল দি উজলাই তোলাৰ লগতে চাফ চিকুন কৰি ৰখা হৈছে চাৰিওদিশ। ধৰ্মানুস্থান ভাগিত প্ৰতি বছৰেই ভক্তৰ সমাগমে সমগ্ৰ ভাদমাহতোতে উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰাৰ লগতে হৰি নামৰ অপূৰ্ব ধ্বনিৰে মুখৰিত কৰে আকাশ বতাহ।প্ৰতিজন ভক্তই নাম হৃদয়ংগম কৰাৰ উপৰিও শৰাই বন্তি আগবঢাই মনোবাঞ্চা পূ্ৰণাৰ্থে আৰ্শীবাদ গ্ৰহণ কৰে।কিন্তু কৰ’ণাৰ বাবে এই বৰ্ষতো পালনাম আয়োজন কৰাত আহি পৰিছে চৰম অনিচ্ছয়তা।ততঃস্বতেও ক’ভিডৰ চৰকাৰী নিৰ্দেশনা মাজেৰেই  ৫০০ বছৰীয়া পৰম্পৰা তিনিজন ভকতক লৈ হলেও পালন কৰা হ’ব বুলি জানিবলৈ দিছে পৰিচালনা সমিতিয়ে, আৰু জিলা প্ৰশাসনৰ লগত যোগাযোগ অব্যাহত ৰাখিছে জানিবলৈ দিয়ে ।

Related Articles