Breaking

বিলাসীপাৰা মহকুমা আদালতৰ ঐতিহাসিক ৰায়দান; হত্যাকাণ্ডত জড়িত ১০ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড

0 163

বিলাসীপাৰাৰ চান্দিৰপাৰা তাৰাংগাপুৰ ১ম খণ্ড গাঁৱত ১৯৯৯ চনত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা৷


গাঁও খনৰ বাসিন্দা তথা দুই ভাতৃ জহৰ আলী আৰু শহৰ আলীয়ে চাপৰত বজাৰ সমাৰ কৰি গৃহ অভিমূখে গৈ থকা অৱস্থাত অতৰ্কিতে আক্ৰমণ কৰে দুবৃত্তৰ দল এটাই৷


ভুমি বিবাদৰ বাবেই দুবৃত্তৰ দলটোৱে ভাতৃ দ্বয়ক শিৰচ্ছেদ কৰি হত্যা কৰিছিল৷


পিছত জহৰ আলী আৰু শহৰ আলীৰ পৰিয়ালৰ লোকে চাপৰ আৰক্ষী থানাত এটা গোচৰ তৰে৷


সেই মতে আৰক্ষীয়ে ৬৫/১৯৯৯ নম্বৰত আৰু ১৪৭/১৪৮/১৪৯/২০১/৩০২ ধাৰাত এটা গোচৰ ৰুজু কৰি ১৪ জন আচামীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷


পিছত বিলাসীপাৰা মহকুমা আদালতত ছেচন কেচ নম্বৰ ১৬৮/১২ মতে ন্যায়াধীশে শুনানী গ্ৰহণ কৰি বুধবাৰে চূড়ান্ত ৰায়দান প্ৰদান কৰে৷


অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতীয়াৰ বিচাৰ পীঠে ইছমাইল সেখ, ছৈয়দ আলী, হবিবৰ ৰহমান, ইজ্জত আলী, লালচান আলী, আব্দুল ৱাহাব, জামাল উদ্দিন, আখেৰ আলী, হাছেন আলী আৰু ছিৰাজুল হকক অভিযুক্ত সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহে৷


সুদীৰ্ঘ ২৩ বছৰ পিছত ন্যায় প্ৰদান কৰা ঘটনাত দুৰ্ভগীয়া পৰিয়ালটিৰ লগতে বিভিন্ন মহলে সন্তুষ্টি প্ৰকাশ কৰিছে৷

-জিয়াৰুল আলম, বিলাসীপাৰা

Leave A Reply