আয়তীৰ উৰুলি শঙ্খ ঘন্টাৰ ধ্বনিৰে মুখৰিত ঐতিহাসিক শ্ৰী শ্ৰী তাম্ৰেশ্বৰী আই থান ! ১১৮ বছৰীয়া দেৱীৰ প্ৰতিমূৰ্ত্তি প্ৰতিষ্ঠা কৰা হ’ল নতুন ভৱনত…

ধেমাজি জিলাৰ ঐতিহাসিক চিলাপথাৰৰ চিলাসূঁতিস্হিত শ্ৰী শ্ৰী তাম্ৰেশ্বৰী আই থানে পালে ন-ৰূপ। ১৯০৫ চনতে স্থাপিত হোৱা এই তাম্ৰেশ্বৰী আই থানে এই বছৰত ভৰি থলে ১১৮ টা বছৰত। অন্য বছৰৰ দৰে এইবছৰতো থান পৰিচালনা সমিতিয়ে তীব্র গতিত চলাইছে শাৰদীয় দূৰ্গা পূজাৰ প্ৰস্তূতি। পূৰ্বে পূজা কৰা স্হান বর্তমান জৰাজীৰ্ণ হোৱাৰ বাবে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগুৰ নেতৃত্বত আৰু ৰাইজৰ দান বৰঙণিৰ ধনেৰে নিৰ্মিত কৰা নতুন ভৱন সোমবাৰে ফিটা কাটি শুভ উদ্বোধন কৰে এম এ চিৰ সাধাৰণ সদস্য কনক দলে।

আধ্যাত্মিক ৰীতি-নীতিৰ মাজেৰে পৌৰহিতৰ মন্ত্ৰচাৰণ আৰু আয়তীৰ উৰুলি শঙ্খ ঘন্টাৰ ধ্বনিৰে মুখৰিত এক ৰজনজনোৱা পৰিৱেশৰ মাজত গাঁওৰ ৰাইজে নতুন ভৱনত স্হানান্তৰ কৰা হয় দেৱীৰ প্ৰতিমূৰ্ত্তি। উল্লেখ্য যে জনবিশ্বাস অনুসৰি নিজৰ একচিত্ত মনেৰে তাম্ৰেশ্বৰী আই থানত পূজা কৰিলে পূৰ্ণ হয় মনোবাঞ্ছা।

থান খনত দৈনিক আগমন ঘটে বহু ভক্ত প্ৰাণ ৰাইজৰ। শাৰদীয় দূৰ্গা পূজাৰ এই তিনিওটা দিনত উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ পূজা অৰ্চনাৰ বাবে ব্যাপক সমাগম হয় দেখা যায়। পুৰনি ৰীতি-নীতি অনুসৰি বিজয়া দশমীৰ দিনা দেৱীক সন্তুষ্ট কৰিবলৈ মহ’ ছাগলী হাঁহ বলি দিয়া হয়। অতীজৰে পৰা অঞ্চলটোত বসবাস কৰা মিচিং, বড়ো, অসমীয়া, বাঙালী নেপালী কেধৰি জাতি জনগোষ্ঠী সকলোৱে একত্ৰিত বাবে পালন কৰি আহিছে পূজা।

শম্ভু দাস চিলাপথাৰ

ধেমাজি

Related Articles