মাত্ৰ কেইঘন্টামানৰ পিছতেই নতুন বছৰৰ ন-সূৰুযে আন্ধাৰৰ বক্ষ উজাৰি ভূমুকি মাৰিব, লৈ আহিব অনাবিল সুখ-শান্তি,সমৃদ্ধি, আনন্দৰ বতৰা। প্ৰতিশ্ৰুতিৰ ৰং সানি প্ৰস্ফুটিত হ’ব একোপাহি আশাবাদৰ ফুল,সপোনবোৰে দুপাখি মেলি উৰিব,ৰূপান্তৰৰ সম্ভাৱনাৰে ভৰি পৰিব নৱবৰ্ষৰ প্ৰতিটো মুহূৰ্ত। অসূয়া-অপ্ৰীতি দূৰ কৰি এক নতুন দিনৰ আৰাম্ভনি হ’ব,মচি পেলাব সকলোৰে মনৰ দুখ-বেদনা, কলুষ-কালিমা।
বিশ্বৰ বিভিন্ন দেশত বিভিন্ন পৰম্পৰাৰে নৱবৰ্ষ উদ্যাপিত হৈ আহিছে। পৃথিৱীত নৱবৰ্ষ উদ্যাপনৰ প্ৰাচীনত্ব চাৰিহাজাৰ বছৰ বুলি ভৱাৰ থল আছে। এক গৰিমামণ্ডিত ইতিহাসৰ ঢাপে ঢাপে আগুৱাই আহি বিশ্বজুৰি বিভিন্ন পৰম্পৰাৰ মাজত গভীৰভাৱে শিপাই পৰিছে নৱবৰ্ষ উদ্যাপন। ধৰ্ম আৰু দেশ অনুসৰি সুকীয়া সুকীয়া পৰম্পৰাৰে নৱবৰ্ষ উদ্যাপন কৰা হয়। খ্ৰীষ্টপূৰ্ব ২০০০ চনৰ আশেপাশে প্ৰাচীন বেবিলনীয়সকলেই সৰ্বপ্ৰথম নৱবৰ্ষ উদ্যাপনৰ পাতনি মেলিছিল। বেবিলনীয়াসকলে বসন্ত কালৰ মাৰ্চ মাহৰ পিছত প্ৰথম অমাৱস্যাৰ শেষত ‘আকিটু’ নামে এটি উৎসৱ উদ্যাপন কৰিছিল। এই উপলক্ষে তেওঁলোকে বিশদ ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰিছিল। ‘আকিটু’ শব্দটো চুমেৰিয়ানসকলে ‘Burley’ৰ বাবে ব্যৱহাৰ কৰা শব্দৰ পৰা উৎপত্তি হৈছে বুলি উল্লেখ পোৱা যায়। বসন্ত কালত মেছ’পটেমিয়াত ‘Burley’ কাটিছিল আৰু ‘আকিটু’ উৎসৱ চলি থকা ১১ দিনৰ প্ৰতিটোতে বেলেগ বেলেগ অনুষ্ঠান অনুষ্ঠিত কৰিছিল।
‘আকিটু’ৰ সময়ত চহৰৰ ৰাজপথত দেৱতাৰ মূৰ্তি লৈ শোভাযাত্ৰা কৰিছিল আৰু এক অশুভ শক্তিৰ ওপৰত তেওঁলোকৰ জয়ৰ প্ৰতীক হিচাপে অনুষ্ঠান প্ৰণয়ন কৰা হৈছিল। এই আচাৰ-ব্যৱহাৰৰ জৰিয়তে বেবিলনীয়াসকলে বিশ্বাস কৰিছিল যে নতুন বছৰ আৰু বসন্তৰ উভতি অহাৰ প্ৰস্তুতিৰ বাবে দেৱতাসকলে পৃথিৱীখনক প্ৰতীকীভাৱে শুদ্ধ আৰু পুনৰ সৃষ্টি কৰে। সভ্যতাৰ বিকাশৰ লগে লগে নৱবৰ্ষ উদ্যাপনৰ বিকাশ ঘটিল। প্ৰাচীন মিচৰীয়সকলৰ নৱবৰ্ষ উদ্যাপনৰ মৌলিক তাৎপৰ্য নীল নদীৰ বাৰ্ষিক বানপানীৰ লগত ওত:প্ৰোতভাৱে জড়িত, যিয়ে আগন্তুক বছৰৰ বাবে কৃষিভূমি উৰ্বৰ হৈ থকাটো নিশ্চিতভাৱে সহায় কৰিছিল।
মিচৰীয়সকলে ‘Wepet Renpet’ নামেৰে জনাজাত এটি উৎসৱ পালন কৰিছিল, যাৰ অৰ্থ হৈছে ‘বছৰৰ মুকলি’।তেওঁলোকে নৱবৰ্ষক পুনৰ্জন্ম সময় হিচাপে গণ্য কৰিছিল আৰু ভোজ-ভাত আৰু বিশেষ ধৰ্মীয় অনুষ্ঠানেৰে মাজেৰে ইয়াক উদ্যাপন কৰিছিল।

প্ৰাক্ -ৰোমান পঞ্জিকাত নৱবৰ্ষৰ আৰম্ভণি মাৰ্চ মাহত অৰ্থাৎ বসন্তৰ আৰম্ভণিত উদ্যাপন কৰা হৈছিল। প্ৰকৃতিৰ পুনৰ্জন্মৰ লগত সংগতি ৰাখি ১ মাৰ্চৰ পৰা বছৰটো আৰম্ভ কৰা হৈছিল। সেই সময়ত বছৰটো ১০ মহীয়া আছিল। মূল দহটা মাহৰ নামে কৃষি আৰু ঋতুভিত্তিক তাৎপৰ্য্য বহন কৰিছিল। কৃষিৰ ৰক্ষক মংগল দেৱতাক সন্মান জনাবলৈ প্ৰথম মাহৰ নাম Martius (March), ফুল ফুলাৰ প্ৰতীক হিচাপে Aprilis (April), বৃদ্ধিৰ দেৱী ‘মাইয়া’ক শ্ৰদ্ধাঞ্জলি জনাবলৈ Maius (May), নাৰীৰ ৰক্ষকৰ প্ৰতীক হিচাপে Junius (June), সংখ্যাগত অৱস্থান বুজাবলৈ Quintilis (July) আৰু Sextilis (August) নামাকৰণ কৰা হৈছাল।
সাত, আঠ, ন আৰু দহৰ লেটিন শব্দৰ সৈতে সামঞ্জস্য ৰক্ষা কৰিবলৈ September, October, November আৰু December নামেৰে নামাকৰণ কৰা হৈছিল। কিন্তু ৰোমৰ দ্বিতীয় ৰজা নুমা পম্পিলিয়াছৰ ৰাজত্বকালত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহ দুটা সংযোগ কৰি মুঠ বাৰ মাহৰ বাবে কেলেণ্ডাৰ পুনৰ্গঠন কৰা হয়।ৰোমানসকলে তেওঁলোকৰ ইষ্ট দেৱতা Jenus ৰ প্ৰতি সন্মান জনাই শব্দটোৰ প্ৰথম আখৰ ‘J’ক কেন্দ্ৰ কৰি বছৰৰ প্ৰথম মাহটোক ‘January’ বুলি নামাকৰণ কৰে। সৌৰ কেলেণ্ডাৰৰ সৈতে মিল ৰাখিবলৈ নৱবৰ্ষক ১ জানুৱাৰীলৈ স্থানান্তৰিত কৰিছিল। এই তাৰিখটো আৰম্ভণি আৰু পৰিৱৰ্তনৰ প্ৰতীক দুমুখীয়া দেৱতা জানুছৰ নামত উৎসৰ্গা কৰা হৈছিল।
খ্ৰীষ্টপূৰ্ব ৪৬ ত ৰোমান ৰজা জুলিয়াছ ছিজাৰে জ্যোতিৰ্বিদসকলৰ লগত কৰা আলোচনাৰ মৰ্মে এইটো থাৱৰ কৰিলে যে পৃথিৱীয়ে সূৰ্যক এবাৰ প্ৰদক্ষিন কৰিবলৈ ৩৬৫ দিন লাগে। তেওঁ চাৰি বছৰৰ মূৰত ফেব্ৰুৱাৰী মাহটো ২৯ দিনীয়া কৰে। খ্ৰীষ্টপূৰ্ব ৪৪ত জুলিয়াছ ছিজাৰক হত্যা কৰা হয়।তেওঁৰ প্ৰতি সন্মান জনাই বছৰৰ সপ্তম মাহটো ‘Quintilis’ৰ নাম সলাই ‘July’ আৰু একেদৰে ‘Sextilis’ৰ নাম সলাই ‘August’ কৰা হয়। এইদৰেই এখন নতুন কেলেণ্ডাৰ প্ৰস্তুত হৈ উঠে আৰু ইয়াৰ ভিত্তিতেই ৰোমানসকলে জানুৱাৰী মাহৰ প্ৰথম দিনটোত নৱবৰ্ষ পালন কৰিবলৈ ল’লে। জুলিয়ান কেলেণ্ডাৰত সময় গণনাত বহুতো আঁসোৱাহ ৰৈ গৈছিল। ছেইণ্ট বিড নামৰ এজন ধৰ্মগুৰুৱে গণনা কৰি প্ৰমাণ কৰিছিল যে পৃথিৱীয়ে সূৰ্য্যক প্ৰদক্ষিন কৰিবলৈ ৩৬৫ দিন ৬ ঘন্টা নহয়, প্ৰকৃততে ৩৬৫ দিন ৫ ঘন্টা ৪৮ মিনিট ৪৬ ছে: সময়হে লয়।
কিন্তু জুলিয়ান কেলেণ্ডাৰত ১১ মিনিট ১৪ ছে: অধিককৈ ধৰা হৈছিল যাৰ ফলত প্ৰতি ৪০০ বছৰৰ মূৰত তিনিদিন পিছুৱাই গৈছিল। ১৫৮২ চনৰ অে”াবৰ মাহত পোপ ত্ৰয়োদশ গ্ৰেগ’ৰীয়ে এখন কেলেণ্ডাৰ প্ৰৱৰ্তন কৰে যাক গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰ বুলি জনা যায়। এই কেলেণ্ডাৰে জুলিয়ান কেলেণ্ডাৰৰ সংশোধন, লিপ ইয়াৰ গণনাৰ ভুলৰ সমাধান কৰিছিল। এইখন কেলেণ্ডাৰৰ জৰিয়তে জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা বিশেষকৈ বসন্ত বিষুৱৰ সৈতে কেলেণ্ডাৰখন পুনৰ সংযুক্ত কৰিবলৈ চেষ্টা কৰা হৈছিল। গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰে লিপ ইয়াৰ নিয়ম সংশোধন কৰিছিল, প্ৰতি ৪০০ বছৰৰ মূৰে মূৰে তিনিটা লিপ ইয়াৰ বাদ দিছিল। এইদৰে জুলিয়ান কেলেণ্ডাৰৰ কিছু সংশোধনী কৰা হয় যদিও গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰো সম্পূৰ্ণৰূপে আঁসোৱাহমুক্ত নহয়। এতিয়াও প্ৰতি বছৰে ১৪ ছেকেণ্ডৰ ব্যৱধান ৰৈ গৈছে। এই ব্যৱধানৰ ফলত ৫০০০ খৃষ্টাব্দত এদিনৰ ব্যৱধান সৃষ্টি হ’ব। এই কেলেণ্ডাৰৰ মতেও নতুন বছৰ ১ জানুৱাৰীত আৰাম্ভ হৈছিল।
গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰে সমগ্ৰ বিশ্বৰ স্বীকৃতি পাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল। এই কেলেণ্ডাৰৰ মতে বছৰৰ শেষৰ দিনটো অৰ্থাৎ ৩১ ডিচেম্বৰ তাৰিখে নতুন বছৰটোক আদৰণি জনাবৰ বাবে নৃত্য গীত,আতচবাজী,খোৱাবোৱা কৰি আনন্দ স্ফুৰ্তি,উলহমালহেৰে নিশা ১২ বজাৰ পিছত নতুন বছৰৰ প্ৰথম দিনটোক আদৰণি জনোৱা হয়। খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰে নৱবৰ্ষ উদ্যাপনত যথেষ্ট প্ৰভাৱ পেলাইছিল। মধ্যযুগীয় ইউৰোপত নৱবৰ্ষ উদ্যাপনৰ ক্ষেত্ৰত বহু ভিন্নতা দেখা গৈছিল, কিছুমান অঞ্চলত ৰোমান তাৰিখ মানি চলিছিল আৰু আন কিছুমানে খ্ৰীষ্টমাছ উৎসৱৰ দৰে ধৰ্মীয় উৎসৱৰ ওপৰত ভিত্তি কৰি পালন কৰিছিল।বহু সংস্কৃতিত নৱবৰ্ষ উদ্যাপনৰ লগত অন্ধবিশ্বাস আৰু আগন্তুক বছৰৰ বাবে ভাগ্য কঢ়িয়াই অনা বুলি বিশ্বাস কৰা ৰীতি-নীতিৰো প্ৰচলন আছিল। আতচবাজী, শব্দ কৰা আৰু উজ্জ্বল ৰঙৰ কাপোৰ পিন্ধা আদি আছিল দুষ্ট আত্মাক আঁতৰাই পেলোৱা আৰু সমৃদ্ধিশালী আৰম্ভণি নিশ্চিত কৰাৰ সাধাৰণ প্ৰথা। নৱবৰ্ষত সংকল্প লোৱাৰ ধাৰণাটো ১৮ শতিকাত জনপ্ৰিয় হৈ উঠে, আগন্তুক বছৰত মানুহে নিজকে উন্নত কৰাৰ বাবে সংকল্প লয়। এই পৰম্পৰা আজিও চলি আছে যদিও সময়ৰ লগে লগে সংকল্পৰ প্ৰকৃতিৰ বিকাশ ঘটে।
কুৰি শতিকাত বিশ্বায়নে নৱবৰ্ষ উদ্যাপনৰ ক্ষেত্ৰত অধিক ঐক্যবদ্ধ দৃষ্টিভংগীৰ গঢ় দিয়ে আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ ১ জানুৱাৰী বহু সংস্কৃতিৰ বাবে বাস্তৱিকতে নৱবৰ্ষৰ দিৱস হৈ পৰে। বিশ্বৰ চহৰসমূহত এতিয়া আতচবাজী প্ৰদৰ্শন, গীত-মাত-নৃত্য,আনন্দ-উল্লাস,শুভেচ্ছা জ্ঞাপন,হেঁপাহৰে এসাঁজ মিলিজুলি খোৱা-বোৱা কৰি নতুন বছৰটিক আদৰণি জনোৱা হয়। এতিয়া প্ৰশ্ন হয় আমি নতুন বছৰটোক ইমান উলহমালহেৰে, আড়ম্বৰতাৰে আদৰো কিয়? উত্তৰটো স্পষ্ট,আমাক লাগে বিশ্বশান্তি,বিশ্বভাতৃত্ববোধ,প্ৰেম,ভালপোৱা,সাম্য-মৈত্ৰী,ঐক্য-সম্প্ৰিতী। নতুনৰ প্ৰতীক নৱবৰ্ষই লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আৰু কেলেণ্ডাৰ সলনিৰ দৰেই নিজৰ মনাকাশৰ কলীয়া ডাৱৰ আঁতৰাই বিবেকক পোৰাই তুলিবলৈ এক সুযোগ আনি দিয়ে।কিন্তু সময়ৰ প্ৰবহমানতাত প্ৰযুক্তিৰ দ্ৰুত আগ্ৰাসনে জীৱন ধাৰণৰ মানদণ্ড লগতে মনস্তাত্বিক দিশটোকো ন ন ৰুচিবোধে আচ্ছন্ন কৰি পেলাইছে। সম্প্ৰতি বিশ্বায়নে মুকলি কৰি দিয়া নিত্যনতুন পোহাৰ,সামাজিক মূল্যবোধৰ অৱক্ষয়,ভোগসৰ্বস্ব জীৱন,আদি বিভিন্ন কাৰণত সমাজখনত দ্ৰুত পৰিবৰ্তন হৈছে।মানুহে নিজৰ ক্ষুদ্ৰস্বাৰ্থ,ভোগ-বিলাস,পদমৰ্য্যাদাৰ লোভত মানৱ সমাজক ধ্বংসমুখী কৰি পেলাইছে। ভোগসৰ্বস্বতা,বিশ্বায়নৰ নেতিবাচক প্ৰভাৱৰ মাজতে নৱবৰ্ষক আজি আমি স্বাগতম জনাও।
বিজ্ঞান আৰু প্ৰযুক্তিৰ নাটকীয় বিকাশ,তথ্য ভাণ্ডাৰৰ অভাৱনীয় বিস্তাৰ,যান্ত্ৰিক শিকন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশে নিঃসন্দেহে অসংখ্য ইতিবাচক পৰিৱৰ্তন আনিছে যদিও বিশ্বব্যাপী মানৱীয় মূল্যবোধৰ ওপৰত ইয়াৰ প্ৰভাৱ কিন্তু উদ্বেজনক। মানৱীয় মূল্যবোধ এতিয়া মাথোঁ এটি শ্লোগানলৈ ৰূপান্তৰিত হৈছে।আজিৰ যান্ত্ৰিকতাত পিষ্ট সমাজখনৰ বাবে সহৃদয়তা,প্ৰেম,অহিংসা,পৰস্পৰৰ প্ৰতি সহায়-সহযোগিতা,সততা,ন্যায় আদি যেন আজি মুল্যহীন হৈ পৰিছে। ঔপনিৱেশিকতাবাদ ,ধৰ্মীয় জাতীয়তাবাদ,প্ৰতিশোধ,গৃহকন্দল,সম্পদৰ ওপৰত প্ৰতিযোগিতা,জাতি, ধৰ্ম, আৰ্থ-সামাজিক অসন্তুষ্টিৰ ওপৰত আধাৰিত মতানৈক্য,মানুহৰ লিপ্সা, অতৃপ্ত কামন-বাসনা আৰু অসহিষ্ণুতাই সমগ্ৰ বিশ্বতে এক অশান্তজৰ্জৰ পৰিৱেশৰ সূচনা কৰিছে।এনে এটা মৰ্মস্পৰ্শী উদাহৰণ হ’ল সঘনে সংঘটিত হোৱা যুদ্ধৰ পৰিঘটনা। প্ৰযুক্তিয়ে উন্নত অস্ত্ৰ-শস্ত্ৰ আৰু যোগাযোগ ব্যৱস্থাৰ দ্বাৰা যুদ্ধত বৈপ্লৱিক পৰিৱৰ্তন আনিছে যদিও ইয়াৰ পৰিণতিয়ে কিন্তু ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰায়ে ভূ-ৰাজনৈতিক উত্তেজনা আৰু অৰ্থনৈতিক স্বাৰ্থৰ দ্বাৰা ইন্ধন যোগোৱা যুদ্ধই মানৱীয় মূল্যবোধক প্ৰত্যাহ্বান জনাই আহিছে। সংঘাতৰ মূল তত্ত্ব মানেই শান্তি আৰু সহযোগিতাৰ নীতিক বিঘ্নিত কৰা।
দেশসমূহে সাম্য-মৈত্ৰীতকৈ নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছে।পৰিৱেশৰ অৱক্ষয় হ’ল আন এটা দিশ য’ত প্ৰযুক্তিগত উন্নতি আৰু সমাজৰ মূল্যবোধৰ মাজত এক বিস্তৰ ব্যৱধান আনিছে। দ্ৰুত-ঔদ্যোগীকৰণ,পদ্ধতি আৰু অৰ্থনৈতিক বৃদ্ধিৰ অদম্য বাসনাই প্ৰদূষণ, বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনৰ সূচনা কৰিছে। প্ৰযুক্তিগত অগ্ৰগতি আৰু পৰিৱেশৰ বহনক্ষমতাৰ মাজত ভাৰসাম্য বিচাৰি উলিওৱাটো এতায়া কঠিন হৈ পৰিছে। উন্নয়নৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগীক পথ প্ৰদৰ্শন কৰা মূল্যবোধসমূহক লৈ প্ৰশ্ন উত্থাপন হৈছে। মূলতঃ প্ৰযুক্তিয়ে নি:সন্দেহে লাভ কঢ়িয়াই আনিলেও মানৱ মূল্যবোধৰ ওপৰত ইয়াৰ বিশ্বব্যাপী প্ৰভাৱৰ বাবে প্ৰযুক্তিগত অগ্ৰগতি আৰু মূল মানৱ নীতিসমূহৰ সংৰক্ষণৰ মাজত এক সুষম সহাৱস্থান নিশ্চিত কৰিবলৈ সযতনে চিন্তা-চৰ্চা আৰু নৈতিক বিবেচনাৰ প্ৰয়োজন আহি পৰিছে। সাম্প্ৰতিক সময়ৰ ক্ষয়িষ্ণু সমাজখনক প্ৰযুক্তিগত উন্নতিৰ গতিশীল পৰিৱেশত এক সুষম সহাৱস্থান নিশ্চিত কৰিবলৈ মানৱীয় মূল্যবোধৰো সমান্তৰালভাৱে বিকাশ হোৱাতো প্ৰয়োজন। কিন্তু প্ৰতিটো নতুন বছৰেই আশাবাদক সাৰ্থক ৰূপ দিয়াত ব্যৰ্থ হয়। মানুহৰ যেতিয়া অন্তৰ্দৃষ্টি প্ৰখৰ হ’ব আৰু সত্য,প্ৰেম-প্ৰীতি,দয়া,সহানুভূতি,উদাৰতা,সহযোগিতা,সৌজন্য,ত্যাগ,কল্যাণকামী চিন্তা,সাধুতা,আত্মবিশ্বাস,সহনশীলতা আদি অন্তৰ্নিহিত মূল্যবোধৰ উৎকৰ্ষ সাধন হ’ব, তেতিয়াহে পৃথিৱীখন সুন্দৰ হ’ব। এনে এক নতুনত্বৰ বাৰ্তা লৈ আহিবনে নতুন বছৰটি?
-ললিত নাথ, শোণিতপুৰ

