Breaking

চেঙাজান মাজগাঁৱৰ ধৰ্মপ্ৰাণ মহিলা হিতেশ্বৰী গগৈৰ বাৰ্ধক্যজনিত কাৰণত বিয়োগ ! বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ…

0 21

চেঙাজান মাজগাঁৱৰ ধৰ্মপ্ৰাণ মহিলা হিতেশ্বৰী গগৈৰ ১১ জানুৱাৰীৰ সন্ধিয়া ৬-১০ বজাত বাৰ্ধক্যজনিত কাৰণত স্বৰ্গগামী হয়। মৃত্যুৰ সময়ত ধৰ্মপ্ৰাণ মহিলা গৰাকীৰ বয়স হৈছিল ৮৭ বছৰ। কালি সন্ধিয়া সময়লৈকে মাত মাতি থকা হিতেশ্বৰী গগৈৰ সন্ধিয়া ৫ বজাত শ্বাস-প্ৰশ্বাস বন্ধ হৈ পৰে আৰু আধাঘন্টাৰ পাছতে সন্ধিয়া ৬ বাজি ১০ মিনিটত শেষ নিশ্বাস কৰি স্বৰ্গগামী হয়। ১৯৩৭ চনৰ ২০ জানুৱাৰী তাৰিখে লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ গোবিন্দপুৰ গাঁৱত জন্ম গ্ৰহণ কৰি হিতেশ্বৰী বৰুৱাই ঢকুৱাখনাৰ গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা এল পি পৰীক্ষাত উত্তীৰ্ণ হৈছিল।১৯৫৬ চনত হিতেশ্বৰী বৰুৱাই ঢকুৱাখনাৰ ১ নং বান্তৌ গাঁৱৰ প্ৰয়াত ভোগেশ্বৰ গগৈৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

অতি কষ্টকৰ জীৱন অতিবাহিত কৰা হিতেশ্বৰী গগৈয়ে নিজৰ পুত্ৰ-কন্যাক শিক্ষা গ্ৰহণ কৰোৱাবলৈ চেষ্টাৰ ক্ৰুটি কৰা নাছিল। যাৰফলত  এগৰাকী  ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জোৱান, এগৰাকী লামাজান জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কমলেশ্বৰ গগৈ, এগৰাকী চেঙাজান মাজৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দৰে চৰকাৰী পদত অধিষ্ঠিত হ’বলৈ সক্ষম হয়।মৃত্যুৰ সময়ত পাঁছগৰাকী পুত্ৰ সন্তান,বোৱাৰী, এজনী জী,জোঁৱাই,কুৰিগৰাকী নাতি-নাতিনী আৰু আত্মীয় স্বজনক  ইহঃসংসাৰত এৰি থৈ গৈছে।হিতেশ্বৰী গগৈৰ মৃত্যুত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি জাৰিমিন নাৰ্জাৰী, উপ সভাপতি সুশীল বসুমতাৰী, সাধাৰণ

সম্পাদক তোলন সোনোৱালে শোকবাৰ্তাত কয় সাধাৰণ জীৱন যাপনৰ মাজতো এগৰাকী সফল মাতৃ হিচাপে নিজৰ পুত্ৰ, কন্যাক শিক্ষিত কৰি তোলাৰ বাবে অহোপুৰুষাৰ্থ কৰি সাহসেৰে সামাজিক আৰু ধৰ্ম-কৰ্মত ওৰেটো জীৱন অতিবাহিত কৰি গৈছে বয়োজ্যেষ্ঠা মহিলা গৰাকীয়ে বুলি উল্লেখ কৰি ধৰ্মপ্ৰাণ মহিলা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ ধেমাজি জিলা সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ দাস,সাধাৰণ সম্পাদক ভদ্ৰ দাস,জিএনএছএমৰ চেঙাজান আঞ্চলিক সমিতিৰ সভাপতি ভূমছা বসুমতাৰী, সাধাৰণ সম্পাদক নিৰঞ্জন নমঃশূদ্ৰ,চেঙাজান মাজৰবাৰী উচ্চ ইংৰাজী বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তুলন্ত সোনোৱাল, উপ সভাপতি নিতুক নমঃশূদ্ৰ,চেঙাজান মাজৰবাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰিয়ালে হিতেশ্বৰী গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Leave A Reply