Breaking

হোজাই যমুনামুখত ৰাষ্টীয় প্ৰেছ দিৱস উদযাপন

0 2,033

১৬ নবেম্বৰ:সমগ্ৰ দেশৰ লগতে হোজাই জিলাৰ যমুনামুখতো আজি বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় ৷ ডবকা আৰু যমুনামুখৰ সাংবাদিকৰ যৌথ উদ্যোগত যমুনামুখৰ গাওঁ সুৰক্ষা বাহিনীৰ কাৰ্যালয় ভৱন প্ৰাংগনত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ প্ৰেছ দিৱসৰ কাৰ্যসূচীত পুৱাৰ ভাগত পতাকা উত্তোলন কৰে জ্যেষ্ঠ সাংবাদিক মহানন্দ বৰদলৈয়ে ৷

বন্তি প্ৰজলন আৰু শ্বহিদ তৰ্পন কৰে জ্যেষ্ঠ সাংবাদিক সুব্ৰত চৰকাৰ, সাংবাদিক এবাদুৰ ৰহমান শ্বহিদুল আলম, জেনিব জেৰি আৰু জিয়াবুৰ ৰহমানে ৷ জ্যেষ্ঠ সাংবাদিক  মহানন্দ বৰদলৈয়ে সভাপতিত্ব কৰা মুকলি সভাত উদ্দেশ্য বাখ্যা কৰে সাংবাদিক বাবুল তালুকদাৰে ৷ মুকলি সভাত মুখ্য অথিতি আৰু বিশিষ্ট অথিতি হিচাপে উপস্থিত থকা ডাক্তৰ আব্দুৰ ৰেজাক মাজাৰভূঞা আৰু ডাক্তৰ আনোৱাৰ হুছেইন চৌধুৰীয়ে সাংবাদিকৰ সমস্যাৰ ওপৰত বক্তব্য আগবঢ়োৱাৰ লগতে ইয়াৰ সমাধানৰ বাবে সাংবাদিক সকলে কি কি কৰিব লাগে তাৰ দিহা পৰামৰ্শ আগবঢ়ায় মুল্যবান বক্তব্যৰাখে৷  উল্লেখ্য যে এইবাৰ প্ৰেছ দিৱসত বহু কেইজন বিশিষ্ট ব্যক্তিক তেওঁলোকে আগবঢ়োৱা অৱদানৰ বাবে সম্বৰ্ধনা জনায় প্ৰেছ দিৱস উদযাপন সমিতিয়ে ৷ যমুনামুখৰ জ্যেষ্ঠ সাংবাদিক মহানন্দ বৰদলৈ, আৰু সুব্ৰত সৰকাৰ, হোজাইৰ জ্যেষ্ঠ সাংবাদিক ৰুহুল আমিন আৰু  মোস্তাক আহমেদ চৌধুৰী, ডবকাৰ সাংবাদিক ইছমাইল আলী, বাবুল তালুকদাৰ, দিলুৱাৰ হুছেইন আৰু আব্দুল হাকিমক সম্বৰ্ধনা জনায় প্ৰেছ দিৱস উদযাপন সমিতিয়ে ৷ ইপিনে ডবকাৰ বিশিষ্ট চিকিৎসক ডাঃ আনোৱাৰ হুছেইন চৌধুৰী, যমুনামুখৰ সমাজসেৱক তথা চিকিৎসক আব্দুৰ ৰেজাক মাজাৰভূঞা আৰু আমছুৰ হোজাই জিলা সমিতিৰ সভাপতি কবিৰ আহমেদ লস্কৰক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ আনহাতে কভিড যোদ্ধা হিচাপে নীলবাগান মডেল হস্পিতালৰ চাফাই কৰ্মী গোলাব বাস্ফৰ, যমুনামুখ প্ৰাথমিক চিকিৎসালয়ৰ চাফাই কৰ্মী সুনীল বাস্ফৰ আৰু লেব টেকনিচিয়ান গীতাৰ্থ দাসকো সম্বৰ্ধনা জনোৱা হয় ৷

Leave A Reply