হোজাইতো শুভাৰম্ভ কৰা হয় কৰ’না ভাইৰাছৰ বহু প্রতিক্ষিত টিকাকৰণ অভিযান

অসমৰ সমুহ জিলাৰ লগত সংগতি ৰাখি হােজাই জিলাৰ যােগীজান আদর্শ চিকিৎসালয় আৰু লংকা স্বাস্থ্য কেন্দ্ৰৰ কভিড সেনানী স্বৰুপ স্বাস্থ্য কর্মী সকলক টিকাকৰণ কৰা হয় । 
ঐতিহাসিক এই টিকাকৰণ অভিযানৰ শুভাৰম্ভ অনুষ্ঠনত উপায়ুক্ত ডাঃ সদনেক সিংয়ে যােগীজান আদর্শ চিকিৎসালয়ত উপস্থিত থাকি কভিড সেনানী স্বাস্থ্য কর্মী সকলক টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে ।

এই টিকাকৰণ অভিযানৰ আৰম্ভনিতে হােজাই জিলাৰ সুচিকিৎসক তথা প্রাক্তন বিধায়ক ডাঃ আদিত্য লাংথাছাই প্রথম কভিড -১৯ টিকা গ্ৰহণ কৰি টিকাকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে । উল্লেখযােগ্য যে যােগীযান আদর্শ চিকিৎসালয়ত ১০০ গৰাকী আৰু লংকা স্বাস্থ্য কেন্দ্ৰত ১০০ গৰাকী কভিড সেনানী স্বাস্থ্য কর্মীক টিকাকৰণ কৰা হব । এই টিকাকৰণ অভিযানৰ শুভাৰম্ভ অনুষ্ঠাত হােজাই স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ প্রতুল চন্দ্র চক্রবর্তী , জিলা টিকাকৰণ বিষয়া ডাঃ ৰঞ্জু ৰাজখােৱা , হােজাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল দলে , ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জিলা প্ৰৱন্ধক শ্বাৱানা চৌধুৰী প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে

Related Articles