হোজাই জিলাৰ (Hojai News) লংকা শিক্ষা খণ্ডৰ অধীনস্থ বুৰুঙ্গা বাজাৰ হাই স্কুলত বিভাগীয় ফালৰ পৰা প্ৰধান শিক্ষক নিযুক্তি দিয়া হয়। বুৰুঙ্গা বাজাৰ হাই স্কুলৰ নৱ নিযুক্ত প্ৰধান শিক্ষকৰ দায়িত্ব অৰ্পণ কৰা হয় আফজল হুছেইনক। খবৰ অনুসৰি, নৱ নিযুক্ত প্ৰধান শিক্ষক আফজল হুছেইনে এইখন স্কুলত অধ্যয়ন কৰিছিল।
তাৰপিছত একেখন স্কুলত চাকৰি লাভ কৰি শিক্ষকতা আৰম্ভ কৰিছিল। আজি এইখন বুৰুঙ্গা বাজাৰ হাই স্কুলত আনুষ্ঠানিকভাৱে আফজল হুছেইনে প্ৰধান শিক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰে। বুৰুঙ্গা বাজাৰ হাই স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক নিজাম উদ্দিন বৰভূঞাৰ উপস্থিতিত দায়িত্বভাৰ লয় প্ৰধান শিক্ষক আফজল হুছেইনে। নৱ নিযুক্ত প্ৰধান শিক্ষক আফজল হুছেইনৰ দায়িত্বভাৰ গ্ৰহণৰ দিনা উপস্থিত থাকে স্কুল পৰিচালনা সমিতিৰ সভাপতি ৰফিক উদ্দিন, অৱসৰপ্ৰাপ্ত শিক্ষক ফখৰ উদ্দিন, ইমদাদুৰ ৰহমান, আলতাফ হুছেইনসহ অঞ্চলটোৰ বহু ৰাইজৰ সমানে বুৰুঙ্গাতলী আঞ্চলিক আমছুৰ কেবাজনো বিষয়ববীয়া। উল্লেখ্য যে, নৱ নিযুক্ত প্ৰধান শিক্ষক আফজল হুছেইনে দায়িত্বভাৰ গ্ৰহণ কৰি স্কুলৰ উন্নয়নৰ স্থাৰ্থত কাম কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায়।
বুৰুঙ্গা বাজাৰ হাই স্কুলৰ বহু অপূৰণীয় কাম পূৰণ কৰাৰ লক্ষ্য নৱ নিযুক্ত প্ৰধান শিক্ষক আফজল হুছেইনৰ। ইপিনে স্থানীয় ৰাইজ আৰু ছাত্ৰ সংগঠনে স্কুলৰ কৰণীয় কাম কাজত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় নৱ নিযুক্ত প্ৰধান শিক্ষক আফজল হুছেইনে।

