Breaking

হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…

0 14

হলিউডৰ ব্লকবাষ্টাৰ চিনেমাৰ কেপ্তেইন এডৱাৰ্ড স্মিথৰ  দেহাৱসান ঘটিছে। বিশেষভাৱে ‘টাইটানিক’ আৰু ‘লৰ্ড অৱ দ্য ৰিংছ’ চিনেমাৰ বাবে বিখ্যাত আছিল অভিনেতাগৰাকী।

দেওবাৰে পুৱা ৭৯ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে ।বাৰ্নাৰ্ড হিলৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে হলিউড।১৯৯৭ চনত মুক্তি পাইছিল অস্কাৰ বিজয়ী ছবি টাইটানিক।তাত বাৰ্নাৰ্ডে কেপ্তেইন এডৱাৰ্ড স্মিথৰ চৰিত্ৰটো অতি সুন্দৰভাৱে চিত্ৰিত কৰিছিল।

কেৱল সেয়াই নহয়, লৰ্ড অৱ দ্য ৰিংছত কিং থিয়ডেনৰ চৰিত্ৰত অভিনয় কৰি বাৰ্নাৰ্ড হিলে দৰ্শকৰ মনত এক বিশেষ স্থান দখল কৰিছে। ইয়াৰ উপৰিও এই অভিনেতাগৰাকীয়ে ‘গান্ধী’, ‘চাৰিলী ভেলেণ্টাইন’ আৰু ‘দ্য স্কোৰ্পিয়ন কিং’ ছবিত অভিনয় কৰি প্ৰভুত জনপ্ৰিয়তা অৰ্জন কৰিছিল।

Leave A Reply