টেঙাখাত অগ্ৰগামী সংঘত তেজস্বিতা বৰুৱালৈ টেঙাখাত সচেতন নাগৰিকৰ শ্ৰদ্ধাঞ্জলি অৰ্পন

তেজস্বিতা বৰুৱা এক সম্ভাৱনা পূৰ্ণ উদীয়মান কণ্ঠ ৷যাৰ কণ্ঠৰ অমিয়া সুৰে মন্ত্ৰমুগ্ধ কৰিছিল অগনন জনতাক ৷ গৌৰৱময় কৰিছিল সাংস্কৃতিক নগৰী মাজুলীক ৷

পিছে নিয়তি কিমান যে নিষ্ঠুৰ ৷ এই নিষ্ঠুৰতাই হঠাতে তেওঁক লৈ গ’ল এক অজান দেশলৈ ৷য’ৰ পৰা তেওঁ ঘুৰি নাহে কোনোদিন ৷ শুনা নাপাম তেওঁৰ কণ্ঠৰ অমিয়া সুৰ ৷ নেদেখিম আকৌ এবাৰ লাস্যময়ী নৃত্যৰতা সেই মৰম লগা ভন্টী জনীক ৷ সেয়েহে আজি শোকত মৃয়মান ৰাজ্যবাসী ৷ বিদেহ আত্মাৰ চিৰ শান্তি কামনাৰে ভিন্ন জনে যাচিছে শ্ৰদ্ধাঞ্জলি ৷ সেই অনুসৰি আজি সন্ধিয়া টেঙাখাত অগ্ৰগামী সংঘত টেঙাখাতৰ কিছু সচেতন নাগৰিক একত্ৰিত হৈ তেজস্বিতাৰ আত্মাৰ চিৰ শান্তি কামনাৰে আয়োজন কৰে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৷

য’ত তেজস্বিতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বল্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পন কৰে প্ৰাক্তন ছাত্ৰ নেতা তথা টেঙাখাত শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৱ কুমাৰ গগৈ, সমাজ কৰ্মী জিতুমনি হাজৰিকা, ৰাজ্যিক পৰ্যায়ৰ মহিলা ফুটবল খেলুৱৈ জ্যোতিমা সোনোৱাল, অসম মহিলা ফুটবল দলৰ প্ৰাক্তন দলনেত্ৰী হেমা ফুকন , দূৰ্গা বৰগোহাঁই , পদ্ম বিকাশ গগৈকে ধৰি বহু কেইজন সচেতন ব্যক্তি উপস্হিত থাকি আন্তৰিকতাৰে পুস্পাঞ্জলি অৰ্পণ কৰে ৷ অনুষ্ঠানৰ শেষত তেজস্বিতাৰ চিৰ শান্তি কামনাৰে ভগৱানৰ ওচৰত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷

এই গৰাকী প্ৰতিভা সম্পন্ন শিল্পীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো ৷

টেঙাখাতৰ পৰা ব্ৰজেন গগৈ

Related Articles