ক’ৰোনাসৃষ্ট পৰিস্থিতিত ৰাজ্যজুৰি বলৱৎ হৈ আছে আংশিক লকডাউন৷ দুপৰীয়া ১ বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন৷ কিন্তু অনলাইন ডেলিভাৰী সেৱাসমূহক সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে৷ ইয়াৰে সুযোগ লৈ একাংশ অসাধু ব্যক্তিয়ে চলাই গৈছে মাৰাত্মক ড্রাগ্ছৰ হোম ডেলিভাৰী সেৱা৷ জমেট’, ছুইগী আদিৰ লগত জড়িত ডেলিভাৰী বয়ে নিচাসক্তক ঘৰতে যোগান ধৰিছে ব্রাউন ছুগাৰৰ দৰে ড্রাগ্ছ৷ মহানগৰ আৰক্ষীৰ অভিযানত এই ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে৷
ড্রাগ্ছৰ হোম ডেলিভাৰীত জড়িত তিনিজন সৰবৰাহকাৰীক পল্টনবজাৰ আৰক্ষীয়ে মহানগৰীৰ দক্ষিণ শৰণীয়াৰ পৰা গ্রেপ্তাৰ কৰিছে৷ আৰক্ষীৰ জালত পৰা তিনি সৰবৰাহকাৰী হৈছে শুভাংকৰ সৰকাৰ, ব্রজেন দাস আৰু গায়ত্রী ৰয়৷ তেওঁলোকৰ পৰা আৰক্ষীয়ে ৬ গ্রাম ব্রাউন ছুগাৰ আৰু ১৩টা কনটেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ ধৃত তিনি ড্রাগ্ছ সৰবৰাহকাৰীৰ ভিতৰত ব্রজেন দাসে ছুইগীৰ জৰিয়তে খাদ্য–সামগ্রী ঘৰে ঘৰে যোগান ধৰে৷ একে সময়তে তেওঁ দীর্ঘদিন ধৰি ড্রাগ্ছো যোগান ধৰি আহিছিল৷

