Breaking

ঘৰ ৱাপছি! ৬ বছৰৰ অন্তত পুনৰ এৰি থৈ যোৱা এন ডি এলৈ উভতিব চন্দ্ৰবাবু নাইডু…

0 24

দক্ষিণত বিজেপিৰ আৰম্ভ হৈছে ঘৰ ৱাপছি অভিযান। ইয়াৰ অংশ হিচাবেই অমিত শ্বাহে দক্ষিণৰ ৰাজ্যসমূহত এনডিৰ শক্তি বৃদ্ধিৰ বাবে তৎপৰ হৈ পৰিছে। জানিব পৰা মতে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে প্ৰায় ছবছৰৰ পিছত এন ডি এলৈ উভতি আহিব। অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বৰ্তমান দিল্লীত আছে। বৃহস্পতিবাৰে নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে তেওঁৰ বৈঠক হৈছিল। ইয়াৰ পিছত আন এক পৰ্যায়ৰ আলোচনা হোৱাৰ কথা। তাৰ পিছতে মিত্ৰতা সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা আছে। লোকসভা নিৰ্বাচনৰ লগতে অন্ধ্ৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। দুয়োটা ক্ষেত্ৰতে বিজেপি আৰু নাইডুৰ টিডিপিয়ে যুটীয়াভাৱে যুঁজ দিব। অভিনেতা পৱন কল্যাণৰ জন সেনা পাৰ্টিও মিত্ৰতাৰ অংশ হ’ব। আৰম্ভণিতে বিজেপি আৰু চন্দ্ৰবাবু নাইডুৰ মাজত হোৱা আলোচনাই এনে ধাৰণাৰ জন্ম দিছিল যে অন্ধ্ৰপ্ৰদেশৰ লোকসভা নিৰ্বাচনত টিডিপিয়ে বিজেপিক কেইখনমান আসন প্ৰদান কৰিব পাৰে। ইয়াৰ বিপৰীতে গেৰুৱা দলে বিধানসভাত কম আসনত প্ৰতিদ্বন্দিতা কৰিব। চুক্তি অনুসৰি বিজেপিয়ে অন্ধ্ৰ প্ৰদেশৰ ২৫ খন লোকসভা আসনৰ ভিতৰত ৪-৬ খন আসনত প্ৰতিদ্বন্দিতা কৰিব। পৱন কল্যাণৰ জন সেনাই ৩ খন আসনত প্ৰতিদ্বন্দিতা কৰিব। টিডিপিয়ে বাকী থকা আসনসমূহত প্ৰতিদ্বন্দিতা কৰিব। জনসেনা আৰু টিডিপিয়ে ১৭৫ জনীয়া বিধানসভাত সিংহভাগ আসনত প্ৰতিদ্বন্দিতা কৰিব। বিজেপিয়ে ১০-১৫ খন আসন লাভ কৰিব পাৰে।

চন্দ্ৰবাবু নাইডু এসময়ত এন ডি এৰ অন্যতম ব্যক্তি আছিল আৰু ২০১৮ চনলৈকে মিত্ৰজোঁটৰ আহ্বায়ক আছিল। তেওঁ ৰাজ্যখনত পুনৰ ক্ষমতালৈ ঘূৰি আহিবলৈ আগ্ৰহী। তেওঁক অলপতে জগন চৰকাৰে দুৰ্নীতিৰ গোচৰত কাৰাগাৰলৈ পঠিয়াইছিল। চন্দ্ৰবাবুৱে পিছত অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানলৈও গৈছিল। তেওঁ তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ পাইছিল , কিন্তু সেইবাৰ মোদীৰ সৈতে কোনো কথা কোৱা নাছিলোঁ। তেওঁ ৰাম মন্দিৰৰ সন্মুখত তোলা কেইবাখনো ফটো টুইট কৰিছিল। সূত্ৰ অনুসৰি, তেলেগু নেতাজনে দীৰ্ঘদিন ধৰি অমিত শ্বাহ আৰু জে পি নাড্ডাৰ সৈতে আলোচনা কৰি আছে। চন্দ্ৰবাবু নাইডু ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতাত আছিল। কিন্তু টিডিপিয়ে ২০১৮ চনত অন্ধ্ৰৰ বাবে বিশেষ মৰ্যাদা দাবী কৰিবলৈ এন ডি এ ত্যাগ কৰিছিল। দলটোৱে ২০১৯ ৰ লোকসভা আৰু অন্ধ্ৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰিছিল।সেই সময়ত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশলৈ গৈ চন্দ্ৰবাবু নাইডুক ‘বিশ্বাসঘাতক’ বুলি অভিহিত কৰিছিল।

Leave A Reply