গুৱাহাটীত ভয়ংকৰ ঘটনা! শাহু-স্বামীক হত্যা কৰি টুকুৰা টকুৰকৈ কাটি ফ্ৰীজত ভৰাই থলে বোৱাৰীয়েকে। প্ৰায় ছমাহ পূৰ্বে সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাৰ। পৰকীয়া প্ৰেমৰ বাবে এই নৃশংস হত্যাকাণ্ড কৰাৰ অভিযোগ ৱোৱাৰীৰ ওপৰত।

আনহাতে ২০২২ চনৰ আগষ্ট মাহত মাতৃ–পুত্ৰ নিৰুদ্দেশ হোৱা বুলি নুনমাটি থানাত বোৱাৰীগৰাকীয়ে দাখিল কৰিছিল এজাহাৰ।আৰক্ষী নামি পৰিছিল তদন্তত!কিন্তু কিছুদিন পূৰ্বে পুনৰ এখন বোৱাৰীগৰাকীয়ে এজাহাৰ দাখিল কৰে শাহুৱেকৰ একাউণ্টৰ পৰা কোনো লোকে ধন উলিওৱা বুলি।আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল শাহুৱেকৰ একাউণ্টৰ পৰা ধন উলিয়াইছিল এজাহাৰকাৰী বোৱাৰীগৰাকীয়ে । লগে লগে আৰক্ষীয়ে বন্দনা কলিতাক আটক কৰি জেৰা আৰম্ভ কৰে। সেই জেৰাত পোহৰলৈ আহে এই চাঞ্চল্যকৰ ঘটনা।
বোৱাৰীগৰাকীৰ নাম বন্দনা কলিতা। স্বামীৰ নাম অমৰজ্যোতি দে’ আৰু শাহুৰ নাম শংকৰী দে’।

