বিয়া খাই উভতি আহি আদবাটতে ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা হোণ্ডাই বাহনৰ ! দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে চূৰ্ণ-বিচূৰ্ণ বাহনখন ! কৰুণ মৃত্যুক সাৱটিলে মানসে!

নগাঁৱৰ উৰিয়াগাঁও বাইপাচত (Nagaon Uria Gaon) এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হৈছে । নগাঁৱৰ (Nagaon) ফ’ৰলেনযুক্ত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰিয়া গাৱঁৰ সমীপত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।পথ দুৰ্ঘটনাটোত জিঅ’ কোম্পানীৰ কৰ্মচাৰীৰ মৃত্যু (Jio Company Employee Died)

দুৰ্ঘটনাটোত থিতাতে প্ৰাণ হেৰুৱালে মৰিকলং বৰঘাটৰ মানস বৰা (২৮) (Manash Bora) নামৰ এজন যুৱকে। নিশা প্ৰায় ১ বাজি ৩০ মিনিটত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ এখন হোণ্ডাই i10 গাড়ীয়ে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয় ৷

হোণ্ডাই গাড়ীখনে প্ৰচণ্ড জোৰত ট্ৰাকৰ পিছত খুন্দা মৰাৰ ফলত গাড়ীখনৰ সন্মুখৰ (Hundai Car Collided With Truck) অংশ সম্পূৰ্ণভাবে বিধ্বস্ত হৈ চালকৰ আসনত থকা মানস বৰাক হেচা মাৰি ধৰে ৷

চাৰিচকীয়া গাড়ীখনেৰে বিয়া খাই ঘৰ অভিমুখে আহি থকা অৱস্থাত প্ৰচণ্ড জোৰেৰে আহি ৰৈ থকা ট্ৰাকত পাছফালৰ পৰা খুন্দা মাৰে। দুৰ্ঘটনাটোৰ ফলত চালকৰ আসনত বহি থকা মানস বৰা গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। কোনো লোকে ঘটনাটো দেখি আৰক্ষীক খবৰ দিয়ে।

Related Articles