ভয়াৱহ:বিদ্যালয় চৌহদত উদ্ধাৰ ২১৫ টি শিশুৰ মৃতদেহ

গাৰ নোম শিয়ৰি উঠা এটা ঘটনা, এখন বিদ্যালয় চৌহদত উদ্ধাৰ হৈছে ২১৫ টা কৈ মৃতদেহ । যি ঘটনাই বহু লোকৰে হৃদয় কপাই তুলিছে। এই ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে কানাডাৰ এখন বিদ্যালয়ত।

কবৰ দিয়া অৱস্থাত উদ্ধাৰ এই শ শ শিশুৰ মৃতদেহ। যি খন বিদ্যালয় চৌহদত এইদৰে ২১৫ শিশুৰ মৃতদেহ উদ্ধাৰ হৈছে সেই বিদ্যালয় এটা সময়ত কানাডাৰ ভিতৰতে অন্যতম আবাসিক বিদ্যালয় হিচাপে নাম আছিল। সমগ্ৰ দেশৰেই শিক্ষাৰ্থী এই বিদ্যালয়ত পঢ়িবলৈ আহিছিল।

এনেদৰে বৃহৎ সংখ্যক শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাক চাই চৌহদৰ ভিতৰত অন্য ঠাইত আৰু শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে উদ্ধাৰকাৰী দলে।

এই বিদ্যালয়ত অতি কঠোৰ শাসন চলিছিল, কেৱল ইংৰাজী ভাষাৰ ব্যৱহাৰ হৈছিল,। কোনোৱে যদি ইয়াৰ বাহিৰে অন্য ভাষাৰ ব্যৱহাৰ কৰিছিল, তেন্তে সেই শিশুৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলিছিল।

যি অত্যাচাৰৰ ফলত ৬০০০ ৰো অধিক শিশুৰ মৃত্যু হোৱা বুলি তথ্য পোৱা যায়। আনকি শিশুৰ ওপৰত যৌন নিৰ্যাতনো চলাৰ প্ৰমাণ পোৱা গৈছিল। যাৰ বাবেই ২০০৮ চনত কানাডা চৰকাৰে সংসদৰ ওচৰত ক্ষমা বিচাৰিছিল।

এইদৰে বৃহৎ সংখ্যক শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা দেখি বৰ্তমানৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডেউ দুক প্ৰকাশ কৰি কয় যে, ই দেশৰ সকলোতকৈ কলা অধ্যায়।

Related Articles