Breaking

সৰভোগৰ চুলিয়াকাটা দ’তৰা নাথপাৰাত ঘোঁৰা খেল প্ৰতিযোগিতা

0 59

ৰঙালী বিহুৱে অসমীয়া সমাজৰ সকলোৰে মনলৈ আনন্দ উৎসাহ কঢ়িয়াই আনে৷

ৰঙালী বিহু সন্মিলন উপলক্ষে সোমবাৰে সৰভোগৰ ৭৯৩ নং দ’তৰা প্ৰাথমিক বিদ্যালয়ৰ কাষতে দ’তৰা নাথপাৰা পথাৰত ঘোঁৰা খেল অনুষ্ঠিত হয়।

খেলখনত উপস্থিত থাকে মইনবড়ী সত্ৰৰ ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰী, পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু বিভিন্ন প্ৰান্তৰ অনুৰাগীসকল৷

প্ৰচণ্ড ৰ’দ, গৰমক নেওচি অগণন ৰাইজে ভৰি পৰে পথাৰ৷

কি পুৰুষ, কি মহিলা সকলোৱে ঘৰৰ পৰা ওলাই আহে ঘোঁৰা খেল উপভোগ কৰিবলৈ।


পৰম্পৰাৰ প্ৰতি সন্মান জনাই আজি দৰ্শকৰ মন জয় কৰাৰ উদ্দেশ্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোগদান কৰা ঘোঁৰা খেল অনুষ্ঠিত হয়।

-ৰমিজ তালুকদাৰ, সৰভোগ

Leave A Reply