আজি পুৱাৰ ভাগত গোলাঘাটৰ খুমটাই চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’য় । খুমটাই চাহ বাগিচাৰ ক্ষুব্ধ শ্ৰমিকে ঘেৰাও কৰিলে বাগিচাৰ মুখ্য কাৰ্যালয়। বাগিচা খনত কৰ্মৰত এগৰাকী মহিলা শ্ৰমিক ক’ভিড -১৯ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছতেই বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তেজিত হৈ পৰে শ্ৰমিক সকল। ক’ভিড পজিটিভত আক্ৰান্ত হৈ মৃত্যু হোৱা মহিলা গৰাকীৰ নাম বিনু কৰ্মকাৰ। মৃত শ্ৰমিক গৰাকী উপযুক্ত চিকিৎসা নোপোৱাৰ বাবে মৃত্যু হোৱাৰ অভিযোগ তুলিছে ক্ষুদ্ধ শ্ৰমিক সকলে । যোৱা ১৪ মে’ত মহিলা গৰাকীৰ শৰীৰত ধৰা পৰিছিল ক’ভিড পজিটিভ। তেতিয়াৰ পৰাই হ’ম আইছ’লেশ্যনত আছিল মহিলা গৰাকী। বুধবাৰে পুৱতি নিশা মহিলা গৰাকী উশাহ-নিশাহ লোৱাত অসুবিধা পাই মৃত্যু বৰণ কৰে। বাগিচা কৰ্তৃপক্ষৰ লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বাগিচাৰ শ্ৰমিক সকলৰ। শ্ৰমিক সকলৰ দাবী যে এনে পৰিস্থিতিত বাগিচাখনৰ শ্ৰমিক সকলে এতিয়া কেনেধৰণে মোকামিলা কৰিব ।

