Breaking

এটা গঁড়ক কেন্দ্ৰ কৰি মৰিয়নিৰ নকছাৰি দহোটিয়াত উত্তপ্ত পৰিস্থিতি

0 58

মৰিয়নি দহোটিয়াৰ ৰে’লৰ আলিৰ কাষৰ হোলাত আবদ্ধ হোৱা এটা গঁড় ১২ ঘণ্টাৰ পিছটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগে।

ট্ৰেংকুলাইজ কৰাৰ পূৰ্বেই হোলাৰ পৰা উঠি জনাঞ্চলত প্ৰবেশ। কথমপি প্ৰান ৰক্ষা প্ৰত্যক্ষ কৰি থকা ৰাইজৰ।


আতংকিত স্থানীয় ৰাইজ, ডি এফ অ মুর্দাবাদ, বন বিভাগ মুর্দাবাদ ধ্বনিৰে উত্তাল পৰিবেশ।


গুৱাহাটী ৰাজ্যিক চিৰিয়াখানাৰ পৰা মৰিয়নিত উপস্থিত উদ্ধাৰ কাৰি দল, উদ্ধাৰ কাৰি দলটোৱে তিনিঘণ্টা অপেক্ষা কৰাৰ পিছতো বন বিভাগে প্ৰয়োজনীয় সা-সজুলি যোগাৰ কৰিব নোৱাৰিলে৷

ইফালে বন বিভাগৰ হেমাহিৰ বাবে গঁড়টো উদ্ধাৰত পলম হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

গঁড়টো উদ্ধাৰৰ বাবে পয্যাপ্ত সা-সজুলি নথকাৰ বাবে গড়টো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মূখিন হৈছে উদ্ধাৰ কাৰি দল।

Leave A Reply