ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ কোটি কোটি মানুহৰ দিনটোৰ আৰম্ভণি চাহ-কফিৰ পৰাই হয়। শীতকালত চাহ, কফি সেৱন বেছি হয়। কিন্তু আপুনি জানেনে খালী পেটত গৰম চাহ বা কফি খালে কেন্সাৰ হ’ব পাৰে? যদি আপুনিও এই পানীয়বোৰৰ প্ৰতি আকৰ্ষিত তেন্তে এই লেখাটো পঢ়ক।(Hot Tea Coffee)
এই দাবী এক নতুন গৱেষণাত কৰা হৈছে। গৱেষণাৰ মতে গৰম চাহ-কফি দীঘলীয়া বহু দেৰি খাই থাকিলে পেট আৰু অন্ত্ৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। কেৱল চাহ-কফিয়ে নহয়, যিকোনো গৰম পানীয় অত্যধিক সেৱনে খাদ্যনলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।
বেছি গৰম চাহ নাখাব-
এই দাবী আন্তঃৰাষ্ট্ৰীয় কেন্সাৰ গৱেষণা সংস্থাৰ অধ্যয়ন প্ৰতিবেদনত কৰা হৈছে। য’ত কোৱা হৈছে যে ৬৫ ডিগ্ৰী চেলছিয়াছতকৈ অধিক গৰম পানীয় মানুহৰ বাবে কাৰ্চিনোজেনিক হ’ব পাৰে, অৰ্থাৎ এনে গৰম চাহ বা কফি খালে পেট আৰু অন্ত্ৰৰ কৰ্কট ৰোগৰ আশংকা হ’ব পাৰে।(Hot Tea Coffee Can Cause Cancer)
বেছিকৈ গৰম পানী খালে খাদ্যনলীৰ ক্ষতি হ’ব পাৰে। গৰম চাহৰ লগতে ধূমপান বা মদ্যপানৰ দৰে আন বিপদজনক কাৰক আছে, যাৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে মদ আৰু চিগাৰেটৰ ধোঁৱাই গৰম চাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা খাদ্যনলীৰ জৰিয়তে কলাবোৰ সহজে ক্ষতিগ্ৰস্ত কৰিব পাৰে। এই প্ৰতিবেদন ইৰাণত কৰা এক গৱেষণাৰ আধাৰত প্ৰস্তুত কৰা হৈছে, য’ত দেখা গৈছে যে প্ৰতিদিনে ৭০০ মিলিলিটাৰ গৰম চাহ খোৱা লোকৰ বাবে খাদ্যনলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা ৯০ শতাংশ বৃদ্ধি পায়। এই বিপদ কমোৱাৰ একমাত্ৰ উপায় হ’ল গৰম পানীয় খোৱাৰ আগতে অলপ ঠাণ্ডা হ’বলৈ দিয়া।

