নাজিৰা মহকুমা প্ৰশাসনৰ গৃহ প্ৰৱেশ সমাৰোহ সম্পন্ন

 কেন্দ্ৰীয় চৰকাৰৰ গৃহ প্ৰৱেশ সমাৰোহৰ লগত সংগতি ৰাখি নাজিৰা মহকুমাত প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত  নাজিৰা পৌৰসভা এলেকাত  তিনিটা চৰকাৰী গৃহ আৰু শিমলুগুৰিত দুটা চৰকাৰী গৃহৰ  প্ৰৱেশ কাৰ্যসূচীৰ আয়োজন কৰা হয়৷  এই উপলক্ষে আয়োজন কৰা গৃহ প্ৰৱেশ কাৰ্যসূচীত  ২০১৭-২০১৮ বিত্তীয় বৰ্ষত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত  লাভ কৰা গৃহ কেইটাৰ শুভ উদ্বোধন কৰে নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে৷ নাজিৰা পৌৰসভাৰ  নাজিৰা নগৰৰ মাজমজিয়াৰ দেউধাই পথৰ শ্ৰী শ্যাম দাসৰ বাসগৃহ, ১০ নং ৱাৰ্ডৰ ৰবি কুমাৰ সূত্ৰধৰৰ বাসগৃহ আৰু নাজিৰা নগৰৰ ৮ নং ৱাৰ্ডৰ চৈয়দ আকিলুৰ ৰহমানৰ বাসগৃহটি শুভ উদ্বোধন কৰা হয়৷ তদুপৰি শিমলুগুৰি পৌৰ সভাৰ স্বচ্ ভাৰত অভিযানৰ অধীনত জৈৱিক সাৰ প্ৰস্তুত কৰা যন্ত্ৰৰ শুভ উদ্ধোধন কৰা হয়।অনুষ্ঠানত উপস্থিত থাকি মহকুমাধিপতি  সব্যসাচী কাশ্যপে কয় যে “গৃহ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা হিতাধিকাৰীলৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। অৱশ্যে ইয়াৰ ওপৰ-ইঞ্চি খৰচ কৰিব বিচাৰিলে হিতাধিকাৰীয়ে নিজাববীয়াকৈ সেই ধন খৰচ কৰিব লাগিব। এই অনুষ্ঠানত উপস্থিত থাকে সহকাৰী আয়ুক্ত ৰাজীৱ সোণোৱাল, নগৰ আৰু গাওঁ পৰিকল্পনা বিভাগৰ উপ-সঞ্চালক শংকৰ প্ৰসাদ বিশ্বাস ত আৰু শিমলুগুৰি পৌৰ সভাৰ বিষয়া তথা কৰ্মচাৰী আৰুু আমন্ত্ৰিত অতিথিসকল৷

Related Articles