Breaking

ডায়েবেটিছ ৰোগীয়ে কেনেকৈ মহাশিৱৰাত্ৰিত উপবাসে থাকিব…

0 56

আচলতে ব্ৰতৰ সময়ত মানুহে একো নোখোৱাকৈয়ে বহুদেৰি বা বহুদিন থাকিব লগা হয়। এনে পৰিস্থিতিত মানুহৰ চুগাৰ অনিয়ন্ত্ৰিত হ’ব পাৰে। ডায়েবেটিছ ৰোগীয়ে যদি দীৰ্ঘদিন ধৰি খোৱা-বোৱা নকৰাকৈ থাকে তেন্তে চুগাৰৰ মাত্ৰা কমি যায়। এই পৰিস্থিতিত দুৰ্বলতাও অনুভৱ কৰিব পাৰি। মহাশিৱৰাত্ৰিৰ উৎসৱ শিৱভক্তসকলৰ মাজত অতি বিশেষ বুলি গণ্য কৰা হয়। এইবাৰ ১৮ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি পালন কৰা হ’ব। আনহাতে মহাশিৱৰাত্ৰি উপলক্ষে মানুহে উপবাস ৰাখে আৰু লগতে নীতি-নিয়ম অনুসৰি ভগৱান শিৱক পূজা কৰে। কিন্তু এই সময়ছোৱাত ডায়েবেটিছ ৰোগীয়ে উপবাসে থকাৰ সময়ত কিছু বিশেষ কথা মনত ৰাখিব লাগে। যদি ডায়েবেটিছ ৰোগীয়ে মহাশিৱৰাত্ৰি উপবাসে থাকে, তেন্তে তেওঁলোকে গোটেই দিনটো অতি সজাগ হৈ থাকিব লাগিব আৰু নিজৰ স্বাস্থ্যৰ যথেষ্ট যত্ন ল’ব লাগিব-

উপবাসৰ সময়ত ডায়েবেটিছ ৰোগীয়ে এনে বস্তু সেৱন কৰিব লাগে যাৰ গ্লাইচেমিক ইনডেক্স থাকে-

  • ব্ৰতৰ সময়ত প্ৰচুৰ পৰিমাণে পানী খাব লাগে।
  • নাৰিকল পানী খালে বহুত ভাল।
    বজাৰৰ পৰা অহা নিমখীয়া চিপচ নাখাব।
    উপবাসৰ সময়ত মাজে মাজে স্বাস্থ্যসন্মত কিবা এটা খাই থাকিব, যাতে চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে।
  • উপবাসৰ সময়ত নেমুৰ পানী, লাচী বা মাখন সেৱন কৰিব লাগে।
  • মনত ৰাখিব যে ব্ৰতৰ সময়ত আপোনাৰ চুগাৰৰ মাত্ৰা ৭০ৰ তললৈ নামিব নালাগে।
  • উপবাসৰ সময়ত ঔষধ পৰিহাৰ নকৰিব।

Leave A Reply