Breaking

যাত্ৰীৰে ভৰি থকা ৰে’লত কিদৰে আসন লৈছিল মোদীয়ে? শৈশৱৰ মধুৰ কাহিনী বৰ্ণনা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে…

0 12

প্ৰত্যেকৰে জীৱনত শৈশৱৰ কেতবোৰ মনোৰম কাহিনী থাকে। ঠিক তেনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনতো তেনে কিছুমান কাহিনী আছে। আজি তেনে এক কাহিনীয়েই বৰ্ণনা কৰিলে মোদীয়ে। যাত্ৰীৰে ভৰি থকা ৰে’লত আসন এখন উলিয়াভ ল’ব পৰাটো সহজ কথা নহ? কিন্তু সেই টান কাম ফেৰাই এটা সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে অতি সহজে কৰিব পাৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে দিল্লীৰ ভাৰত মণ্ডপমত সমগ্ৰ দেশৰ পৰা বহুতো সমল সৃষ্টিকৰ্তাক প্ৰথম ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটা প্ৰদান কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ শৈশৱৰ এটা কাহিনী বৰ্ণনা কৰে। তেওঁ কয় কেনেকৈ তেওঁ এখন যাত্ৰীৰে ভৰি থকা ৰে’লত নিজৰ বাবে এখন আসন উলিয়াই লৈছিল। অনুষ্ঠানত অংশগ্ৰহণ কৰা এজন অংশগ্ৰহণকাৰীৰ সৈতে মন বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জীৱনৰ এক ধেমেলীয়া কাহিনী বৰ্ণনা কৰে। মোদীয়ে কয় তেওঁ ৰে’লত আসন নোপোৱাৰ সময়ত কি কৰিছিল। প্ৰধানমন্ত্ৰীয়ে আৰিদামান নামৰ এজন সৃষ্টিশীল কৰ্মৰে জড়িত অংশগ্ৰহণকাৰীক বঁটা প্ৰদান কৰি তেওঁৰ পুৰণি কাহিনীটো বৰ্ণনা কৰে। আৰিদামানে ধৰ্ম, সংস্কৃতি আৰু জ্যোতিষশাস্ত্ৰ সম্পৰ্কীয় ভিডিঅ’ প্ৰস্তুত কৰে। বঁটা প্ৰদান কৰি মোদীয়ে কয় “জ্যোতিষ শাস্ত্ৰ এনে এক বিষয় যে মানুহে লগে লগে সেয়া বিশ্বাস কৰে আৰু তেওঁলোকৰ হাত দেখুৱাবলৈ ইচ্ছা প্ৰকাশ কৰে। মই আপোনালোকক মোৰ শৈশৱৰ সৈতে সম্পৰ্কিত এটা অভিজ্ঞতা কওঁ। মই বহুত ভ্ৰমণ কৰিছিলো। সেই সময়ত মই ৰে’লত টিকট সংৰক্ষণৰ কৰা নাছিলো, ৰে’লত যথেষ্ট ভিৰ হৈছিল। মই এটা অসংৰক্ষিত কম্পাৰ্টমেণ্টত ভ্ৰমণ কৰিছিলো। মই বহিবলৈ কোনো আসন পোৱা নাছিলো, মই ভাবিছিলো কিবা ধৰণে সুযোগ পাব পাৰি নেকি। মই কাৰোবাৰ হাত এখনত ধৰিছিলোঁ আৰু তেওঁৰ হাত খন জ্যোতিষীৰ দৰে চাবলৈ আৰম্ভ কৰিছিলো। তেতিয়া লগে লগে মানুহে মোক এখন আসন দি তেওঁলোকৰো হাত চাবলৈ দিছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে শুক্ৰবাৰে সমগ্ৰ দেশৰ ২৩ গৰাকী সমল সৃষ্টিকৰ্তাক ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটাৰে সন্মানিত কৰে। এইবাৰ বঁটাপ্ৰাপকসকলৰ ভিতৰত আছে কিৰ্তিকা গোবিন্দচামী, ৰণবীৰ আল্লাবাদিয়া, জয়া কিশোৰী, মৈথিলী ঠাকুৰ, কামিয়া জানি, গৌৰৱ চৌধুৰী, মালহাৰ কালাম্বে, আৰ জে ৰৌনক, নিশ্চাই আৰু অমন গুপ্তাকে ধৰি বহুতো প্ৰখ্যাত ইউটিউবাৰ আৰু সমল সৃষ্টিকৰ্তা।

Leave A Reply