Breaking

গৰমত দৈ খোৱাতো স্বাহ্য়ৰ বাবে কিমান প্ৰয়োজনীয়…

0 54

গৰমত দৈ বা দৈৰ পৰা তৈয়াৰ হোৱা লাচ্চি এগিলাচে দেহ-মন শীতল কৰে। গৰমত আপুনি বাহিৰৰ পৰা আহি দৈ এগিলাচ খালে দেহ ঠাণ্ডা হৈ যায়। পিছে প্ৰখৰ ৰ’দত যদি মুখখন বা ছালৰ পোৰণি হয়, তেন্তে কি কৰিব? তেতিয়াও অকণমান দৈ লৈ মুখত সানি দিয়ক।

দেখিব দেহৰ পোৰণি কমি গৈছে। অতিমাত্ৰা গৰমত বৰফ দিয়া চৰবত খাই নিশ্চয় সকলোৰে ভাল লাগে। এনে চেঁচা চৰবত বা আন চৰবত খাওঁতে যদি পানী লাগে, তেতিয়া নিশ্চয় বৰ অসুবিধা হয়। তাৰো এটা উপায় আছে।
আপুনি নেমুৰ চৰবতৰ লগত আদাৰ ৰস অকণমান মিহলাই দিয়ক। আদাৰ শুকান গুড়িও ব্যৱহাৰ কৰিব পাৰে। য’ৰে-ত’ৰে পানী খোৱাটো উচিত নহয়। পানীৰ জৰিয়তে হেপাটাইটিছ, জণ্ডিচ আৰু অন্যান্য বেমাৰৰ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে।

বাহিৰৰ পানীৰ সলনি একমাত্ৰ নিৰ্ভৰযোগ্য পানীয় হৈছে ডাবৰ পানী। গৰমৰ দিনত যেতিয়াই-তেতিয়াই পিয়াহ লাগে। পিছে দিনে আপুনি কিমান পানী খাব, তাৰো এটা মাত্ৰা আছে। খেজুৰ আৰু পানীলাউক ‘এচি’ খাদ্য বুলি জনা যায়। এই দুবিধ খাদ্যই আমাৰ দেহত ‘এচি’ৰ দৰে কাম কৰে। সেইদৰে কুঁহিয়াৰৰ ৰস তথা আন ফলৰ ৰসো গৰমৰ দিনকেইটাত খুব উপকাৰী। প্ৰস্ৰাৱ জ্বলা-পোৰা কৰিলে দুপৰ টেঙাৰ ৰস খাব লাগে। অৱশ্যে কুঁহিয়াৰ ৰসো উপকাৰী।

Leave A Reply