Breaking

দৈনিক কিমান সময় খোজ কাঢ়িব লাগে ডায়েবেটিছ ৰোগীয়ে? দৈনিক খোজ কাঢ়ি নিয়ন্ত্ৰণ কৰিব পাৰিব ডায়েবেটিছ ৰোগ….

0 92

সঠিক খাদ্য খোৱাৰ উপৰিও ডায়েবেটিছ ৰোগীয়ে খোজ কঢ়াৰ দ্বাৰাও চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে।চুগাৰৰ মাত্ৰা হ্ৰাস কৰিবলৈ দৈনিক কিমান খোজ কাঢ়িব লাগে জানেনে? বিশ্বতে ডায়েবেটিছৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু কেইবছৰমানৰ পিছত ইয়াৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সংখ্যা দুগুণ হ’ব। ই এক জীৱনশৈলী সম্পৰ্কীয় ৰোগ, য’ত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। সঠিক খাদ্য খোৱাৰ উপৰিও ডায়েবেটিছ ৰোগীয়ে খোজকাঢ়ি চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে ডায়েবেটিছ ৰোগীয়ে অধিক আৰু অধিক খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে। দৈনিক কিমান খোজ কাঢ়িব লাগে….

আমেৰিকান ডায়েবেটিছ এছ’চিয়েশ্যনৰ তথ্য অনুসৰি ডায়েবেটিছ ৰোগীয়ে শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাটো অতি প্ৰয়োজনীয়। যিসকল লোক অধিক সক্ৰিয়, তেওঁলোকৰ ডায়েবেটিছৰ সম্ভাৱনা কম। আচলতে যিমানেই লৰচৰ কৰিব সিমানেই চুগাৰৰ মাত্ৰা দ্ৰুতগতিত কমি যায়।

যেতিয়া কোনো ব্যক্তিয়ে দ্ৰুত গতিত খোজ কাঢ়ে তেতিয়া তেওঁৰ অগ্নাশয়ৰ কোষবোৰে দ্ৰুত গতিত কাম কৰে।
খৰখেদাকৈ খোজ কাঢ়িলে চুগাৰৰ বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ হয় আৰু খাদ্য খোৱাৰ পৰা চেনি হজম কৰিলে তেজত ইয়াৰ মাত্ৰা বৃদ্ধি হোৱাত বাধা দিয়ে।

আমেৰিকান ডায়েবেটিছ এছ’চিয়েশ্যনৰ তথ্য অনুসৰি ডায়েবেটিছ ৰোগীয়ে দৈনিক ১০ হাজাৰ খোজ বা কমেও ৩০ মিনিট খোজ কাঢ়িব লাগে। ইয়াৰ ফলত তেওঁলোকৰ তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব। যদি আপুনি একেলগে আধা ঘণ্টা খোজ কাঢ়িব নোৱাৰে তেন্তে দিনটোৰ ভিতৰত ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি ১০-১০ মিনিট খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ উপৰিও খাদ্য নিয়ন্ত্ৰণো কৰিব লাগিব, বিশেষকৈ কাৰ্বযুক্ত খাদ্য পৰিহাৰ কৰিব লাগিব, কাৰণ সেইবোৰ হজম কৰিবলৈ আপুনি অধিক খোজ কাঢ়িব লাগিব।

Leave A Reply