Breaking

ফুলদানিত কেনেকৈ দীৰ্ঘদিন সতেজ কৰি ৰাখিব ফুল…

0 41

বজাৰৰ পৰা সতেজ ফুল কিনিলেও দুদিনমানৰ ভিতৰতে ফুলবোৰ শুকাই যায়। ফুলবোৰক কেনেকৈ বহুদিন ধৰি সতেজ কৰি ৰাখিব। বহুতেই ঘৰখন ফুলেৰে সজাই ভাল পায়। ড্ৰয়িং ৰূমত বনৰীয়া ফুলৰ গোন্ধ বিয়পিলে বেয়া নহয়! প্ৰাচীন কালত ঘৰ সজাবলৈ ব্যৱহাৰ কৰা এটা সামগ্ৰী আছিল সতেজ বাৰীৰ ফুল। আজিও হোম ফাৰ্নিচিং ফেশ্বনও ইয়াৰ ব্যতিক্ৰম নহয়। ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ উপৰিও ফুল মনৰ বাবেও উপকাৰী। ফুলবোৰ কেনেকৈ বহুদিন সতেজ কৰি ৰাখিব-

১) ফুলদানি পৰিষ্কাৰ কৰি ৰাখিব লাগে। সেইটোৰ ওপৰত চকু ৰাখিব লাগিব। ফুলদানিৰ ভিতৰত চাবোন দিলে ফুলবোৰ সোনকালে নষ্ট হৈ যাব।

২)ফুলৰ ঠাৰিটো বেছি চুটিকৈ কাটিব নালাগে। কাটিলে ৪৫ ডিগ্ৰী কোণত কাটিব লাগে। বহুদিন সতেজ হৈ থাকিব।

৩) ফুলদানিত থকা গুৰি সেই অংশত চকু ৰাখিব লাগে যিটো পানীত ডুবাই থাকে, যাতে তাত কোনো পাত নাথাকে। পাত থাকিলে সোনকালে পচিব।

৪) দুচামুচ আপেল চাইডাৰ ভিনেগাৰ, দুচামুচ চেনি আৰু আধা চামুচ ব্লিচ মিহলাই এটা ফুলদানিত ঢালি দিব। এই মিশ্ৰণেৰে ফুলবোৰ বেছি দিন সতেজ হৈ থাকিব।

৫) ফুলদানিত থকা পানী সলনি কৰাৰ অভ্যাস নাই নেকি? ইয়াৰ বাবে ফুল মৰহি যাব পাৰে। দুদিনৰ মূৰে মূৰে ফুলদানিৰ পানী সলনি কৰিব লাগে।


Leave A Reply