Breaking

এলঝেইমাৰ ৰোগৰ প্ৰতিৰোধ কিদৰে কৰিব…

0 69

শৰীৰৰ লগতে মানসিক স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিব লাগে। বয়স বৃদ্ধিৰ লগে লগে মানুহ এলঝেইমাৰৰ দৰে মানসিক ৰোগৰ বলি হৈ আহিছে বহু দিনৰ পৰা। এনে পৰিস্থিতিত যদি আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব বিচাৰে, তেন্তে ইয়াৰ বাবে আপুনি আপোনাৰ দৈনন্দিন জীৱনত কিছু ব্যায়াম অন্তৰ্ভুক্ত কৰিব পাৰে। শৰীৰটো ফিট কৰি ৰাখিবলৈ পুষ্টিকৰ খাদ্য, পৰ্যাপ্ত টোপনি আৰু অবিৰত ব্যায়াম পালন কৰিব লাগিব। এইদৰে আপুনি আপোনাৰ শৰীৰ আৰু মন দুয়োটাকে সুস্থ কৰি তুলিব পাৰে। কাৰণ মন আৰু শৰীৰৰ মাজত গভীৰ সংযোগ আছে। শৰীৰৰ লগতে মনকো সক্ৰিয় কৰি ৰখাটো অতি প্ৰয়োজনীয়। গতিকে কিছুমান কাৰ্য্যকলাপৰ বিষয়ে জানো আহক…

১/ ধ্যান বা যোগাসন

মনটোক ভালে ৰাখিবলৈ সৰু সৰু কথাবোৰৰ চিন্তা বন্ধ কৰিব লাগিব। মনটোক সঠিকভাৱে কেন্দ্ৰীভূত কৰিবলৈ এটা ফলপ্ৰসূ অভ্যাস হ’ল ধ্যান কৰা। ইয়াৰ বাবে আপুনি মাত্ৰ ৰাতিপুৱা সোনকালে সাৰ পাই যোগাসন বা ধ্যানৰ অভ্যাস কৰক। ধ্যান কৰিলে কিছুদিনৰ ভিতৰতে মনত শিথিলতা অনুভৱ কৰিব। ইয়াৰ ফলত আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব

২/ গেম খেলা
মানসিকভাৱে সুস্থ হৈ থকাৰ এটা উপায় হ’ল মগজুৰ ব্যায়াম কৰা। হয়, যদি আপুনি আপোনাৰ মনটোক বালে ৰাখিব বিচাৰে তেন্তে দবা, চুডোকুৰ দৰে মাইণ্ড গেম খেলক। এই খেলবোৰে মগজুক সুস্থ আৰু সক্ৰিয় কৰি তোলে। দিনটোৰ ভিতৰত কিছু সময় উলিয়াই এই খেলবোৰ খেলিব। সুস্থ মনটোৱে আপোনাক বহু ৰোগৰ পৰা আঁতৰাই ৰাখিব।

৩/ নৃত্য বা সংগীত
যদি আপুনি আপোনাৰ মনটোক ভালে ৰাখিব বিচাৰে তেন্তে ইয়াৰ বাবে নৃত্য বা সংগীতৰ সহায় লওক। নৃত্যৰ দৰে শাৰীৰিক কাৰ্য্যকলাপে আপোনাক মানসিকভাৱে সুস্থ কৰি ৰাখিব। ইয়াৰ ফলত আপোনাৰ মনটো দুখী নহ’ব আৰু ভিতৰৰ পৰাই আপুনি সুখী অনুভৱ কৰিব। নৃত্য আৰু সংগীতে মানুহক উত্তেজনা আৰু হতাশাৰ পৰা মুক্ত কৰে। নৃত্য কৰিলেও আপোনাৰ শৰীৰৰ পৰা অতিৰিক্ত কেলৰিও কমে।


Leave A Reply