Breaking

বিহুৰ বতৰত ঘৰুৱা উপায়েৰে কেকোঁৰা চুলি চিধা কেনেকৈ কৰিব…

0 130

বিহুৰ বতৰত ঘৰুৱা উপায়েৰে কেকোঁৰা চুলি চিধা কৰিবলৈ জানি লওক কেইটামান উপায়ৰ বিষয়ে। যদি আপুনিও চুলিৰ সমস্যাত ভুগিছে, তেন্তে আমি আপোনাক এনে তিনিটা ঘৰুৱা উপায়ৰ বিষয়ে কম, যিকেইটা উপায় ব্যৱহাৰ কৰিলে আপোনাৰ সমস্যা তৎক্ষণাত নাইকিয়া হ’ব পাৰে।


ধুনীয়া আৰু কোমল চুলি প্ৰতিগৰাকী মহিলাৰে ইচ্ছা। কিন্তু আজিৰ যুগত ঘাম, সূৰ্যৰ পোহৰ, প্ৰদূষণ, ধূলিৰ বাবে চুলি শুকান হৈ পৰিছে। ইয়াৰ বাহিৰেও চুলিবোৰ অত্যধিক পোন হোৱাৰ বাবে চুলিত শুকান হোৱাৰ সমস্যা হয় আৰু কোকোঁৰা চুলিখিনি ভালে ৰখাটো অতি কঠিন হৈ পৰে। এনে পৰিস্থিতিত আমি আপোনালোকক কম যে কেনেকৈ ঘৰতে কিছুমান চুলিৰ মাস্ক বনাব পাৰি যাতে বেকাঁ চুলিৰ পৰা পৰিত্ৰাণ পায়। যি মাস্ক প্ৰয়োগ কৰিলে আপুনি আপোনাৰ সমস্যাৰ পৰা মুক্তি পাব-

যদি আপুনি শুকান চুলিৰ বাবে অসুবিধা পায় তেন্তে কল আৰু অলিভ অইলৰে তৈয়াৰী হেয়াৰ মাস্ক লগাব পাৰে। ইয়াৰ বাবে পকা কল এটা গুড়ি কৰিব লাগিব। তাত দুচামুচৰ পৰা তিনি চামুচ অলিভ অইল মিহলাই লওক। ভালদৰে মিহলাই ল’ব লাগে। এই পেষ্ট প্ৰস্তুত কৰি ২০ মিনিট চুলিত থৈ দিব। ইয়াৰ পিছত চুলিখিনি কম চেম্পুৰে ধুব, ইয়াৰ ফলত আপোনাৰ চুলিখিনি কোমল আৰু চিকচিকিয়া দেখা যাব।


দৈ আৰু কণী দুয়োটা চুলিৰ বাবে অতি উপকাৰী। কণীত প্ৰটিন আৰু ভিটামিন থাকে। আনহাতে দৈ এন্টিবেক্টেৰিয়েল গুণেৰে ভৰপূৰ। ই চুলিৰ শুকানতা হ্ৰাস কৰে। মূৰৰ ছালত জমা হোৱা মলিও পৰিষ্কাৰ কৰা হয়। এই হেয়াৰ মাস্ক বনাবলৈ কণীৰ কুহুম আৰু দৈ ভালদৰে মিহলাই লওক।এতিয়া এই হেয়াৰ মাস্কটো চুলিত ২০ মিনিট ৰাখিব।

বেকাঁ চুলিৰ বাবে নাৰিকল তেল আৰু মৌৰ হেয়াৰ মাস্কো প্ৰয়োগ কৰিব পাৰি। নাৰিকল তেলত ল’ৰিক এচিড থাকে যিয়ে চুলিক মজবুত কৰে। মৌৱে চুলি মইশ্ব’ৰাইজ কৰে। এই হেয়াৰ মাস্ক বনাবলৈ কুহুমীয়া নাৰিকল তেল লৈ তাত ২ৰ পৰা ৩ চামুচ মৌ দিব। এই পেষ্ট চুলিত ভালদৰে লগাই শ্বাৱাৰ কেপেৰে ঢাকি ১৫ৰ পৰা ২০ মিনিটৰ পিছত শ্বেম্পুৰে চুলি ধুব।

এই ঘৰুৱা উপায়ৰ দ্বাৰা আপোনাৰ কেকোঁৰা চুলিখিনি চিধা কৰি ৰাখিব পাৰিব।

Leave A Reply