গুৱাহাটী: ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষা ২০২৫ৰ ফলাফল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (AHSEC) বুধবাৰে এক সংবাদমেলৰ জৰিয়তে এই ফলাফল ঘোষণা কৰে। এইবাৰ প্ৰথমবাৰৰ বাবে কেৱল ৪৪ দিনৰ ভিতৰত ফলাফল ঘোষণা কৰা হৈছে, যি এক নতুন ৰেকৰ্ড বুলি পৰিষদে জানিবলৈ দিয়ে।
এইবাৰ পৰীক্ষাত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.০৩ শতাংশ, বিজ্ঞান শাখাত ৮৪.৮৮ শতাংশ, বাণিজ্য শাখাত ৮২.১৮ শতাংশ আৰু বৃত্তিমূলক শাখাত ৬৮.৫৫ শতাংশ। উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা অনুসৰি —
- কলা শাখা: ১,৮৩,৭৪৫ গৰাকী
- বিজ্ঞান শাখা: ১৪,৫৮৪ গৰাকী
- বাণিজ্য শাখা: ১৪,৫৮৪ গৰাকী
- বৃত্তিমূলক শাখা: ৮০২ গৰাকী
শিক্ষা পৰিষদে জাননী দিয়ে যে এইবাৰ ছাত্ৰ-ছাত্ৰীসকলক এখনেই মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট প্ৰদান কৰা হ’ব যাতে তেওঁলোকে ৰাজ্যৰ বাহিৰত নামভৰ্তিৰ সুবিধা সহজে লাভ কৰিব পাৰে।
ফলাফলত সন্তুষ্ট নোহোৱা শিক্ষাৰ্থীসকলে নিজৰ উত্তৰবহী পুনঃৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব। এই প্ৰক্ৰিয়া দুদিনৰ পাছত আৰম্ভ হ’ব আৰু তাৰ বাবে এটা অনলাইন প’ৰ্টেল মুকলি কৰা হ’ব। পুনঃৰীক্ষণৰ আবেদন কৰা ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ উত্তৰবহী মেইলযোগে প্ৰেৰণ কৰা হ’ব।

