Hs Result 2025: অসমীয়া বিষয়ত কোনে কোনে ১০০ৰ ভিতৰত পালে ৯৯ নম্বৰ

এইবাৰ উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত যদিও কোনো স্থান ঘোষণা কৰা নহ’ল, অথাৎ এইবাৰৰ পৰা স্থানশূন্য ফলাফলেই ঘোষণা আৰম্ভ ঘটিল, তথাপিও মাতৃভাষা অসমীয়া বিষয়ত কোনে সৰ্ব্বোচ্ছ নম্বৰ পালে বা কিমান পালে সেয়া প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবেই আগ্ৰহৰ বিষয়৷ বুধবাৰে ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও জিলাৰ শিক্ষাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান কনছেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে৷

বিদ্যালয়খনৰ বিজ্ঞান শাখাৰ ছাত্ৰী ঈশ্বৰৎ ফাৰিহাই অসমীয়া বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ ৯৯ নম্বৰ লাভ কৰাৰ লগতে জীৱ বিজ্ঞানত ১০০ আৰু গণিত বিষয়তো ১০০ নম্বৰেৰে সৰ্বোচ্ছ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ ছাত্ৰীগৰাকীৰ এই সফলতাত বিদ্যালয়খনত কালি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা দেখা যায়৷ আনহাতে, কনছেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা বাণিজ্য শাখাৰ ছাত্ৰ ধ্ৰৱনীল দাসে একাউণ্টেঞ্চি বিষয়ত সৰ্বোচ্ছ ৯৮ লাভ কৰে ৷

কলা শাখাৰ ছাত্ৰী গুঞ্জনা কলিতাই অৰ্থনীতি বিষয়ত সৰ্বোচ্ছ ১০০, জয়শ্ৰী ভূঞা আৰু কাব্যশ্ৰী আগমাচাৰ্যই ফাইন আৰ্টছ বিষয়ত সৰ্বোচ্ছ ১০০ নম্বৰ লাভেৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ উল্লেখনীয় যে পূৰ্বৰ ধাৰা অব্যাহত ৰাখি এশ শতাংশ উত্তীৰ্ণৰ হাৰেৰে এই বছৰো বিদ্যালয়খনে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়৷

Related Articles