HS Results 2025 । অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিছে ২০২৫ চনৰ উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক শাখাত উত্তীৰ্ণৰ হাৰত উল্লেখযোগ্য উন্নতি লক্ষ্য কৰা গৈছে।

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এইবাৰৰ ফলাফলত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.০৩ শতাংশ। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৮৮ শতাংশ আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮২.১৮ শতাংশ।
৯৪.২১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে কলা শাখাত শীৰ্ষস্থান দখল কৰিছে বাক্সা জিলাই। বিজ্ঞান শাখাত ১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত জিলিকিল পশ্চিম কাৰ্বি আংলং জিলা। বাণিজ্য শাখাত ১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষস্থান দখল কৰে দক্ষিণ শালমাৰা জিলাই। আনহাতে, বৃত্তিমূলক শাখাত ১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত বিশ্বনাথ, লখিমপুৰ, নলবাৰী আৰু শ্ৰীভূমি জিলা।

