গুৱাহাটী, ৩০ এপ্ৰিল: HS Results 2025 । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (AHSEC) আজি পুৱা ৯ বজাত উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক (ভোকেচনেল) শাখাৰ পৰীক্ষাৰ্থীৰ ফলাফল একেলগে প্ৰকাশ কৰা হয়।

এইবাৰ মুঠ ৩,০২,৪২০ জন পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অংশগ্ৰহণ কৰিছিল। ফলাফল অনুসৰি, কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.০৩ শতাংশ, বিজ্ঞান শাখাত ৮৪.৮৮ শতাংশ, বাণিজ্য শাখাত ৮২.১৮ শতাংশ আৰু বৃত্তিমূলক শাখাত উত্তীৰ্ণৰ হাৰ ৬৮.৫৫ শতাংশ হিচাপে ৰিপোর্ট কৰা হৈছে। পৰিষদে উল্লেখ কৰে যে, যোৱা বৰ্ষতকৈ এইবাৰ সামান্য হ্ৰাস পাইছে উত্তীৰ্ণৰ হাৰ।
এই বছৰৰ পৰা পৰিষদে নতুন ব্যৱস্থা হিচাপে ঘোষণা কৰে যে, পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে এবাৰতে মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট লাভ কৰিব। এই পদক্ষেপৰ মূল উদ্দেশ্য হ’ল ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে আৰু বিশেষকৈ ৰাজ্যৰ বাহিৰৰ শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত সময় বচোৱা।
ফলাফল পৰিষদৰ ৱেবছাইটত উপলভ্য কৰি দিয়া হৈছে, য’ত পৰীক্ষাৰ্থীসকলে নিজৰ ৰোল নম্বৰ দিয়েই সহজে ফলাফল পৰীক্ষা কৰিব পাৰে।
পৰিষদৰ অধ্যক্ষই সংবাদ মেলত কয়, “এই নতুন প্ৰদান পদ্ধতিৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে সময়মতে সকলো প্ৰয়োজনীয় নথি সংগ্ৰহ কৰিব পাৰিব আৰু উচ্চ শিক্ষা ক্ষেত্ৰত আগবাঢ়িবলৈ সহজ হ’ব।”