পশ্চিম কাৰ্বি আংলং, ৩০ এপ্ৰিল: HS Results 2025
অসমৰ পাৰ্বত্য অঞ্চলৰ পৰা অহা এটি গৌৰৱৰ খবৰ। এইবাৰ ২০২৫ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত পশ্চিম কাৰ্বি আংলঙৰ সদৰ হামৰেণস্থিত হামৰেণ গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এক নতুন ইতিহাস গঢ়িছে।
বিদ্যালয় খনৰ অধ্যক্ষ দধিৰাম শৰ্মায়ে জনোৱা অনুসৰি, এইবাৰ প্ৰথমবাৰৰ বাবে বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ ১০০ শতাংশ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। মুঠ ৮ জন ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিছিল, যাৰ ভিতৰত ৪ গৰাকী ছাত্ৰীয়ে প্ৰথম বিভাগত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈছে আৰু বাকী ৪ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে।
প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী:
- প্ৰিটি টেৰনপী
- ৰোমেলিন হানচেপী
- ৰোপজেলি হানচেপী
- ৰোপথাৰলিন টেৰনপী
দ্বিতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী:
- বিৰটিচৈ ইংতিপি
- অমৰিত চিং তিমুং
- লাৰটা বেপী
- মেৰিনা টিচ্চপি
বিদ্যালয়খনৰ এই অভূতপূর্ব সফলতাৰ খবৰ পোৱাৰ পাছত সমগ্ৰ অঞ্চলজুৰি আনন্দ আৰু গৌৰৱৰ বতৰা ছটিয়াই পৰিছে। অভিভাৱক, শিক্ষক আৰু স্থানীয় বাসিন্দাসকলৰ মাজত আনন্দৰ বন্যা পৰিছে।
অধ্যক্ষ শৰ্মাই কয়, “এই সফলতা বিদ্যালয়খনৰ বাবে এক গৌৰৱৰ খনৰ ৰূপ লৈ আহিছে। ছাত্ৰ-ছাত্ৰীৰ কঠোৰ পৰিশ্ৰম আৰু শিক্ষকৰ নিঃস্বাৰ্থ সেৱাৰ ফলত এই ফলাফল সম্ভব হৈছে।”
উল্লেখযোগ্য যে, এইবাৰ প্রথমবাৰৰ বাবে হামৰেণ গাৰ্লছ উঃমাঃবিঃৰ বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল।