HSLC Result 2025: মেট্রিক পৰীক্ষাৰ ফলাফলঃ পৰীক্ষাত উত্তীৰ্ণ ২ লাখ ৭০ হাজাৰ ৪৭১ গৰাকী

আজি ঘোষণা হ’ল দশম শ্ৰেণী পৰীক্ষাৰ ফলাফল। পুৱা ১০:৩০ বজাত ঘোষণা হয় মেট্ৰিক পৰীক্ষাৰ ফলাফল। ১৪টা ৱেবছাইটত উপলদ্ধ হয় মেট্ৰিক পৰীক্ষাৰ ফলাফল।(HSLC Result 2025)

এইবাৰ মেট্ৰিক অৱতীৰ্ণ হৈছে ৪,২৯,৪৪৮ পৰীক্ষাৰ্থী। ইয়াৰে ১,৯০,৬৫৩ জন ছাত্ৰ আৰু ২,৩৮,৭৯৫ গৰাকী ছাত্ৰী। পৰীক্ষাৰ ফলাফল ঘোষণাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলক সামাজিক মাধ্যমৰ যোগেদি শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰো মেট্ৰিকত নাই শীর্ষস্থানৰ ব্যৱস্থা।

আনহাতে আজি ৪,২৯,৪৪৮ পৰীক্ষাৰ্থীৰ ভিতৰত পৰীক্ষাত উত্তীৰ্ণ হৈছে ২ লাখ ৭০ হাজাৰ ৪৭১ গৰাকী।

প্ৰথম স্থান: আমিষী শইকীয়া, প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, যোৰহাট, মুঠ নম্বৰ ৫৯১ (৯৮.৫০%)

দ্বিতীয় স্থান: সপ্তাৰ্শ বৰদলৈ, অসম জাতীয় বিদ্যালয়, নুনমাটি,গুৱাহাটী, মুঠ নম্বৰ ৫৯০ (৯৮.৩৩%)

তৃতীয় স্থান: অণিৰ্বান বৰগোহাঁই: প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, যোৰহাট, মুঠ নম্বৰ ৫৮৯ (৯৮.১৭%)

জিলাভিত্তিক মেট্রিক পৰীক্ষাৰ ফলাফল প্রথম স্থানত আছে শিৱসাগৰ জিলা। জিলাখনত উত্তীর্ণ ৮৫.৫৫% পৰীক্ষার্থী। দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা, জিলাখনত উত্তীর্ণ ৮১.১০% পৰীক্ষার্থী। তৃতীয় স্থানত আছে ধেমাজি জিলা, জিলাখনত উত্তীর্ণ ৮০.৬৪% পৰীক্ষার্থী।

আনহাতে প্রথম বিভাগত উত্তীৰ্ণ ৮৯,০৪১ গৰাকী, ডিষ্টিংশ্যন পাইছে ৫,৩৩৬ গৰাকীয়ে, ষ্টাৰ নম্বৰ লাভ কৰিছে ১৬৫১৭ গৰাকীয়ে, লেটাৰ মাৰ্কছ পাইছে ১ লাখ ৬৮ হাজাৰ ৩১২ গৰাকীয়ে।

এইবাৰ মুঠ উৰ্ত্তীণ ২,৭০,৪৭১গৰাকী পৰীক্ষাৰ্থী। আনহাতে পৰীক্ষাত অনুৰ্ত্তীণ হয় ১,৫২,২৬৬ জন ছাত্ৰ-ছাত্ৰী।

মেট্ৰিকৰ ফলাফলত শীর্ষ ৫খন জিলা হৈছে শিৱসাগৰ ৮৫.৫৫% , ডিব্ৰুগড় – ৮১.১০%, ধেমাজি – ৮০.৬৪%, যোৰহাট – ৭৯.৬১%, কামৰূপ (ম) ৭৮.৭৯%।

মেট্ৰিকৰ ফলাফলত সর্বনিম্ন ফলাফল দেখুওৱা ৫ জিলা হৈছে শ্রীভূমি – ৪৭.৯৬%, গোৱালপাৰা – ৫১.৩১%, হোজাই – ৫২.৬১%, ধুবুৰী – ৫৪.৮৯%, কাছাৰ – ৫১.৫৮%।

Related Articles