HSLC Result 2025: ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল, পৰীক্ষাত উত্তীৰ্ণ ২ লাখ ৭০ হাজাৰ ৪৭১ গৰাকী পৰীক্ষার্থী

ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল৷ পৰীক্ষাত উত্তীৰ্ণ হৈছে ২ লাখ ৭০ হাজাৰ ৪৭১ গৰাকী।(HSLC Result 2025)

জিলাভিত্তিক মেট্রিক পৰীক্ষাৰ ফলাফল প্রথম স্থানত আছে শিৱসাগৰ জিলা। জিলাখনত উত্তীর্ণ ৮৫.৫৫% পৰীক্ষার্থী। দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা, জিলাখনত উত্তীর্ণ ৮১.১০% পৰীক্ষার্থী। তৃতীয় স্থানত আছে ধেমাজি জিলা, জিলাখনত উত্তীর্ণ ৮০.৬৪% পৰীক্ষার্থী।

আনহাতে প্রথম বিভাগত উত্তীৰ্ণ ৮৯,০৪১ গৰাকী, ডিষ্টিংশ্যন পাইছে ৫,৩৩৬ গৰাকীয়ে, ষ্টাৰ নম্বৰ লাভ কৰিছে ১৬৫১৭ গৰাকীয়ে, লেটাৰ মাৰ্কছ পাইছে ১ লাখ ৬৮ হাজাৰ ৩১২ গৰাকীয়ে।

Related Articles