হয়, আপুনি ঠিকেই শুনিছে ।(HSLC Result 2025) মেট্ৰিক পৰীক্ষাৰ্থীৰ সংখ্যা ৮৬ ! কিন্তু উত্তীৰ্ণ ন’হল এজন শিক্ষাৰ্থীও। অসমৰ ইতিহাসত সৰ্ববৃহৎ ইতিহাস ৰচিলে মিকিৰভেটাৰ শিলপুখুৰী মৌজাৰ বিদ্যালয়ে । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল হোৱাৰ পিছতে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে মৰিগাওঁ জিলাৰ শিলপুখুৰী মৌজাৰ এইখন বিদ্যালয়ে। বিদ্যালয়খনৰ নাম /কহুঁৱা-আটি ধনীৰাম বৰুৱা হাইস্কুল। এজন দুজন নহয়, এইবাৰ মেট্ৰিক পৰীক্ষাত বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হৈছিল চাৰি কুৰি ছয় গৰাকীকৈ শিক্ষাৰ্থী।
পিছে উত্তীৰ্ণ ন’হল এজন শিক্ষাৰ্থীও। চৰকাৰী বিদ্যালয় খনত ৮ গৰাকীকৈ শিক্ষক-শিক্ষয়ত্ৰী থকাৰ পিছতো এজনো উত্তীৰ্ণ নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জিলা খনৰ শৈক্ষিক মহলত। পিছে বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জ্যোৎস্না দাসৰ যুক্তি কাহিনী বেলেগ ! মেট্ৰিক পৰীক্ষাৰ কেন্দ্ৰটোৱেই হেনো বেয়া । প্ৰথম স্থান দ্বিতীয় স্থান পাবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীও হেনো আছিল বিদ্যালয়খনত। কিন্তু ১ নম্বৰ নোপোৱা পৰীক্ষাৰ্থীও ওলাইছে ফলাফলত। বাইদেউ কনফিউজ, কিবা এটা হেনো খেলি-মেলি হৈছে বাইদেউৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰ । এনে ফলাফল কল্পনাও কৰা নাছিল বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে ।
উচ্চ হাৰত দৰমহা লাভ কৰা এইসকল শিক্ষকে প্ৰকৃততে কেনেদৰে পাঠদান কৰায় ই-এক চিন্তনীয় বিষয় হৈ পৰিছে।এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব এনেসমূহ শিক্ষকৰ বিৰুদ্ধে ই এক লক্ষণীয় বিষয়।ইয়াৰ পিছতো যদি শিক্ষা বিভাগে চকু মুদা কুলিৰ ভাওঁ ধৰে তেন্তে চৰকাৰী বিদ্যালয় সমূহত ফলক খনৰ বাহিৰে একোৱেই নাথাকিব আৰু ভূত বাংলাত পৰিণত হব বিদ্যালয় সমূহ ।