Breaking

আপকু কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক প্ৰনৱ চক্ৰৱৰ্তীলৈ বিপুল সম্বৰ্ধনা

0 2,025

আসাম প্ৰেছকৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ চৰাইদেউ অধিৱেশনত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় অধিৱেশনত দেৰগাঁৱৰ সন্তান, নিষ্ঠাবান সাংবাদিক প্ৰনৱ চক্ৰৱৰ্ত্তীক কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক নিৰ্বাচিত হোৱাৰ পিছত  দেৰগাঁৱত এক ৰাজহুৱা  সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আপকুৰ  দেৰগাঁও মহকুমা সমিতিৰ উদ্যেগত আয়োজিত আৰু দেৰগাঁও গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বাংলাত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে জ‌্যেষ্ঠ সাংবাদিক ৰাতুল বৰাই। এই অনুষ্ঠানত সৰ্বপ্ৰথমে দেৰগাঁও মহকুমা সমিতিৰ হৈ দেৰগাঁও মহকুমা সমিতিৰ সভাপতি আবু আহমেদ, উপ সভাপতি ৰাতুল বৰা, সম্পাদক কুমুদ বৰাই এখনি ফুলাম গামোছা, চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে  সাংবাদিক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ পিছতে ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ হৈ সভাপতি চাহাবুদ্দিন আহমেদেব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ ফালৰ পৰা চাহাবুদ্দিন আহমেদে  এখনি ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে।  দেৰগাঁও সাংবাদিক সংস্থাৰ হৈ সম্পাদক ইন্দুভূষন মহন্ত, সাংবাদিক ভাস্কৰজ্যোতি বৰদলৈ, দেৰগাঁও আঞ্চলিক সাহিত্য সন্মিলনীৰ হৈ সহকাৰী সম্পাদক জ্যোতি জনাৰ্দন বৰা আৰু সদস্যা নেত্ৰজ্যোতি গগৈ হাজৰিকা, কাকডোঙা সাংবাদিক সংস্থাৰ হৈ সম্পাদক আহমেদ হুছেইন, সদৌ অসম বাৰ্লাক মহিলা সমিতিৰ হৈ সভানেত্ৰী বন্তি আহমেদ, দেৰগাঁও অগ্ৰগামী বাঙালী মহিলা মঞ্চৰহৈ ববিতা ঘোষ, অসমীয়া সাহিত্য সন্মিলনীৰ দেৰগাঁও আঞ্চলিক সমিতিৰ সম্পাদক ৰাতুল বৰাকে ধৰি  দেৰগাঁৱৰ বহুকেইটা দল সংগঠনে সাংবাদিক প্ৰনৱ চক্ৰৱৰ্তীক সম্বৰ্ধনা জ্ঞাপন কৰে।  এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত দেৰগাঁও বিশিষ্ট লেখক তথা শিক্ষাবিদ ৰাজেন পূজাৰী, দেৰগাঁও গাঁও ৰক্ষী বাহিনীৰ চক্ৰ সংগঠক শিৰোমণি মহন্ত, সাংবাদিক দীপক শইকীয়া, দীপক হাজৰিকা, চামিম আলম হক দিগন্ত দাস, গৌতম বৰা, অভিজিত বৰা ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ উপ-সভাপতি নিতু কলিতা, পাপুল শইকীয়া, আকাৰেৰ আলি, মঞ্জু ধৰি আদি উপস্থিত থাকে।

Leave A Reply