Breaking

ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী ভাষণৰ সময়ত খালী হৈ পৰিল প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল মত বিনিময় অনুষ্ঠানৰ বিশাল মণ্ডপ

0 61

ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী ভাষণৰ সময়ত খালী হৈ পৰিল প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল মত বিনিময় অনুষ্ঠানৰ বিশাল মণ্ডপ । ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ডিব্ৰুগড়ৰ মানকটা পুজা খেলপথাৰত বিশাল ভাৱে আয়োজন কৰা হৈছিল গৰিব কল্যাণ সন্মিলন ।

জিলাখনৰ সাতটা সমষ্টিৰ পৰা বাহনৰ জৰিয়তে কেইবা সহস্ৰাধিক লোক অনা হৈছিল সন্মিলনলৈ । কিন্তু, প্ৰধানমন্ত্ৰী ভাষণৰ সময়তে খালী হৈ পৰিল বিশাল মণ্ডপ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী হিমাচল প্ৰদেশৰ পৰা হিতাধিকাৰীক উদ্দেশ্যি পোনপটীয়াকৈ বক্তব্য আৰু মতবিনিময় কৰাৰ সময়তে ডিব্ৰুগড়ত একপ্ৰকাৰ উদং হৈ পৰিল মণ্ডপ । ডিব্ৰুগড়ৰ কাৰ্যসূচীত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে ডিব্ৰুগড় জিলাৰ বিধায়ক সকল ।

Leave A Reply