Breaking

এনডিএফবিৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত ওদালগুৰিৰ নলবাৰীত বিশাল সমাবেশ

0 2,018

 এনডিএফবিৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি  ৰঞ্জন দৈমাৰী তথা ডি আৰ নাবলা আৰু অন্যায়ন্ন কাৰাবদ্ধ সদস্য সকলক মুকলি কৰি নিদিয়া পৰ্যন্ত অবিৰতভাবে আন্দোলন অব্যাহত থাকিব।এই মন্তব্য প্ৰাক্তন এন ডি এফ বিৰ সংযুক্ত ফ’ৰামৰ সভাপতি ডি হাৰিমুৰ।আজি  ওদালগুৰিৰ নলবাৰী ডায়মণ্ড ইংলিচ স্কুল খেলপথাৰত এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীৰ লগতে প্ৰাক্তন এনডিএফবিৰ কেডাৰ সকলক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ দাবীত প্ৰাক্তন এনডিএফবিৰ সংযুক্ত  ফৰামৰ উদ্যোগত আয়োজিত  বিশাল গণসমাবেশ বক্তব্য ৰাখি হাৰিমুৱে লগতে কয়-ৰঞ্জন দৈমাৰীৰ মুক্তি অবিহনে আমি কেতিয়াও ক্ষান্ত নাথাকো।যোৱা ১৫ আগষ্টলৈ মুকলি কৰি দিবলৈ দাবী জনোৱা হৈছিল যদিও আজিলৈকে চৰকাৰে কোনো পদক্ষেপ গ্ৰহন কৰা দেখা নগল। যাৰ ফলত  এনে প্ৰতিবাদী কাৰ্যসূচী হাতত লবলৈ বাধ্য হৈছো এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক অতিশীঘ্ৰে মুক্তি নিদিলে আহি থকা দিনত অসমত ভয়াবহ ঘটনা ঘটিব বুলিও সদৰি কৰে আৰু এই ঘটনাৰ বাবে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে জগৰীয়া হব বুলি সকিয়াই দিয়ে।তেওঁ লগতে আন সকলো কেডাৰকে মুকলি দিয়াৰ কথাও উল্লেখ কৰে।বিটিচিত চৰকাৰে ষষ্ঠ অনুসূচীমতে আমাক কোনো সা সুবিধা প্ৰদান নকৰি বন্চিত কৰিছে।সেয়ে প্ৰাক্তন কেডাৰ সকলক আৰ্থিক অনুদাৰ লগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে।ৰঞ্জন দৈমাৰীৰ ভগ্নী তথা ওমেন জাষ্টিচ ফ’ৰামৰ উপদেষ্টা ড° অঞ্জলি দৈমাৰীয়ে ভাষন প্ৰদান কৰি কয়-বিটিআৰত প্ৰকৃততে শান্তি আহিছেনে?বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী তথা প্ৰতিষ্ঠাপক সভাপতী ডি আৰ নাবলা আজি জেলত বন্দী হৈ আছে।এয়া শান্তি চুক্তি হোৱা নাই।শান্তি সংগ্ৰামৰ প্ৰতি চৰকাৰে সন্মান জনোৱা নাই।কেৱল দলীয় নেতৃবৃন্দ আৰু চৰকাৰৰ স্বাৰ্থতহে জেলৰ পৰা নি দিল্লীত বিটিআৰ চুক্তিত স্বাক্ষৰ কৰাইছিল।স্বাৰ্থ পূৰণ হল যেতিয়া এতিয়া সকলো পাহৰি ৱগল।কিন্ত্তু এই কথা ঠিক ৰঞ্জন দৈমাৰীক মুকলি কৰি নিদিয়া পৰ্যন্ত  বড়ো ৰাইজৰ মাজত শান্তি কেতিয়াও নাহে।উক্ত  গনসমাবেশত এনডিএফৰি সংযুক্ত ফৰামৰ সাধাৰণ সম্পাদক ডি বানচৌব্ৰা,নাগৰিক অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি গজেন হাজোৱাৰী,গৰীয়া মৰীয়া দেশী জনগোষ্ঠীয় পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ফলজুল কৰিম হাজৰিকাকে ধৰি কেইবাগৰাকীও লোকে বক্তব্য আগবঢ়োৱাৰ লগতে  নাগৰিক অধিকাৰ সংগ্ৰাম সমিতি,ওমেন জাষ্টিচ ফৰাম,সদৌ ব্ৰহ্মধৰ্ম পৰিচালনা সমিতি, পিপুলচ জইন্ট একচন সমিতি,সদৌ বড়ো ওমেন কল্যান পৰিষদ, সদৌ অসম জনজাতি ছাত্ৰ সন্থা আদিকে ধৰি বহু সংগঠনৰ নেতৃবৃন্দৰ লগতে জিলা খনৰ হাজাৰ-হাজাৰ লোক  উপস্থিত আছিল। এই গণসমাবেশতে  বিটিএডি ৰ গাওঁ কৰ্তন বন্ধ কৰক, জনজাতি আবেষ্টনী আৰু খন্ডক সাংবিধানীক সুৰক্ষা প্ৰাদান কৰক, বিটিএডি ৰ সীমা শিমলুগুৰি (লক্ষ্মীমপুৰ জিলা) লৈ সম্প্ৰসাৰণ কৰক, এনডিএফবি ৰ প্ৰতিস্থাপক সভাপতি ৰন্জন দৈমাৰী আৰু অন্যান্য প্ৰাক্তন সদস্যসকলক বিনা চৰ্তে আনতি পলমে জেলৰ পৰা মুক্তি দিয়ক, প্ৰতিজন প্ৰাক্তন এনডিএফবি ৰ সদস্যৰ গোচৰ প্ৰত্যাহাৰ কৰক, প্ৰাক্তন এনডিএফবি ৰ শ্বহীদৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ আদি বিভিন্ন দাবীৰে এখনি স্মাৰক প্ৰত্ৰ জিলা উপাযুক্ত জৰিয়তে ভাৰত চৰকাৰ আৰু অসম চৰকাৰলৈ প্ৰে্ৰণ কৰে।

Leave A Reply