Breaking

মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰাৰ বাবে লক্ষীপথাৰত বিশাল ৰেলী…

0 1,049

তিনিচুকীয়া জিলাৰ অন্তৰ্গত লক্ষীপথাৰ অঞ্চলত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ,বিভিন্ন দল সংগঠন,জ্যেষ্ঠ নাগৰিক সন্থা,আত্মসহায়ক গোট তথা সমগ্ৰ লক্ষীপথাৰ বাসী ৰাইজৰ সহযোগত ড্ৰাগছ,কানি ইত্যাদি প্ৰচলন বন্ধ কৰি এক সুস্থ সমাজ গঢ়ি তোলাৰ বাবে এক সজাগতা মূলক বিশাল পদ-যাত্ৰা  লগতে এখন সজাগতা সভা আয়োজন কৰে।প্ৰতিকূল বতৰৰ মাজতে শতাধিক মহিলাই ৰাজপথত উলাই আহি মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰিবলৈ বিভিন্ন শ্লোগানেৰে ৰেলীত অংশগ্ৰহন কৰে।

সজাগতা সভাত উপস্থিত থাকে পঞ্চায়ত সভাপতি ললিত চন্দ্ৰ গগৈ  ,গাওঁ বুঢ়া ক্ৰমে চন্দ্ৰ কান্ত কুচ ,থানো গগৈ,ইবলাল শৰ্মা,প্ৰাক্তন শিক্ষক ফনিধৰ ৰাজখোৱা , ক্ষীৰবাহাদোৰ চেত্ৰী,ভূপেন্দ্ৰ নাথ গগৈ,জীৱিকা সখি অৰুনিমা দত্তৰ লগতে শতাধিক পুৰুষ-মহিলা। উক্ত সজাগতা সভাত সমাজৰ ক্ষতিকাৰক মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাৰ বাবে আলোচনা কৰাৰ লগতে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত সহযোগিতা কৰিবলৈ আহ্বান জনায়।

Leave A Reply