Breaking

ধুবুৰীৰ আৰক্ষীৰ বৃহৎ সফলতা

0 196

ধুবুৰীৰ আৰক্ষীৰ বৃহৎ সফলতা । নিচাজাতীয় ড্ৰাগছ টেবলেট আৰু কফছিৰাপৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধুবুৰীৰ আৰক্ষীয়ে । বৃহৎ পৰিমাণৰ কফ চিৰাফ , কেইবা হেজাৰ নিচা জাতীয় টেবলেট সহ গ্ৰেপ্তাৰ এজন ড্ৰাগছ ব্যৱসায়িক ।


প্ৰশ্চিম বংগৰ পৰা ৰেল যোগে ধুবুৰী লৈ আনিছিল কফ চিৰাফ সহ বৃহৎ পৰিমাণৰ নিছাজাতীয় টেবলেট ।
ধুবুৰী জিলা আৰক্ষী অধীক্ষক অভিজিৎ দীলিপ গৌৰৱে এক গোপন তথা লাভ কৰে । উক্ত তথ্যৰ ভিত্তিত আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত ধুবুৰী সদৰ থানাৰ আৰক্ষী বাহিনীৰ এটি বৃহৎ দলে আজি দুপৰীয়াৰ ভাগত ধুবুৰী চহৰৰ ৰেল ষ্টেচনৰ সন্মুখৰ পৰা এই সমুহ নিচাজাতীয় টেবলেট কফছিৰাপ খিনি জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে ৰাতুল হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়ী জনক ।

দিৰ্ঘ দিনৰ ধৰি ড্ৰাগছ মাফিয়া ৰাতুল হুছেইন ধুবুৰী চহৰ খনত নিচাজাতীয় দ্ৰৱ্য ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলি উঠি অহা নৱ প্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দি ৰমৰমীয়া ব্যবসায় চলাই গৈছিল ড্ৰাগছ ব্যৱসায়ী জনে ।
বৰ্তমানে ড্ৰাগছ ব্যৱসায়ী জনক ধুবুৰী সদৰ থানাত এই সন্দৰ্ভত মাৰাথন জেৰা অব্যাহত ৰাখিছে ।

Leave A Reply