আন্ত:ৰাষ্ট্ৰীয় বিশ্ব সংবিধান সাংসদ বঁটা প্ৰদান মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক…

যোৱা ৩ডিচেম্বৰৰ বিয়লি মহাৰাষ্ট্ৰৰ সিৰড্ডীৰ সমীপৰ শ্ৰীৰামপুৰত বিশ্ব সংবিধান সাংসদ সংস্থাৰ এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বিশ্ব সংবিধান সাংসদ সংস্থাৰ গ্লোবেল সভাপতি প্ৰফেছৰ ডঃ গ্লেন টি মাৰ্টিনে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক বিশ্ব সংবিধান সাংসদ আন্তৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।

ডঃ শইকীয়াক মানৱ অধিকাৰ, মানৱতা আৰু শান্তিৰ হকে বিগত দুকুৰি চাৰি বছৰে মানৱ সমাজৰ হকে আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে এই বঁটা প্ৰদান কৰে বুলি ডঃ গ্লেন টি মাৰ্টিনে বঁটা প্ৰদান কৰি দিয়া ভাষণত উল্লেখ কৰে।

বঁটাত সংস্থাৰ স্মাৰক, উত্তীৰয়, চাৰ্টিফিকেট আৰু কিতাপৰ টোপোলা প্ৰদান কৰা হয়। আনহাতে, উক্ত আন্ত:ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰি ডঃ দিব্যজ্যোতি শইকীয়াই নিজৰ ভাষণত কয় যে বিশ্বৰ বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাষ্ট্ৰৰ ভাষাক ৰাষ্ট্ৰ সংঘই স্বীকৃতি প্ৰদান কৰিছে যদিও পৃথিৱীৰ ভিন ভিন ৰাষ্ট্ৰত হিন্দী ভাষা প্ৰচলিত হ’লেও হিন্দী ভাষাক ৰাষ্ট্ৰ সংঘই স্বীকৃতি প্ৰদান কৰা নাই। সেয়ে ডঃ মাৰ্টিনে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা উচিত।

Related Articles