Breaking

যুদ্ধভূমিত ভূলুণ্ঠিত মানৱতা! ইজৰাইলে ৰাজহুৱা কৰিলে হামাছ সন্ত্ৰাসবাদীয়ে হত্যা কৰা পৰিয়ালৰ ফটো…

0 109

যুদ্ধভূমিত ভূলুণ্ঠিত মানৱতা! ইজৰাইলে ৰাজহুৱা কৰিলে হামাছ সন্ত্ৰাসবাদীয়ে হত্যা কৰা পৰিয়ালৰ ফটো

মানৱতাৰ অপমৃত্যু ঘটিছে গাজাত। বহু ইজৰাইলী নাগৰিক হামাছ সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি নিছে। তেওঁলোকৰ মাজৰে বহুতকে হামাছে নৃশংসভাবে হত্যা কৰিছে। নিহতসকলৰ ভিতৰত বহু কেইটা শিশুও আছে। শেহতীয়াকৈ ইজৰাইলৰ প্ৰশাসনে প্ৰকাশ কৰিছে এটা পৰিয়ালৰ ছবি। ইজৰাইলৰ মতে পৰিয়ালটোক হামাছে অপহৰণ কৰি নি হত্যা কৰিছে। হামাছে হত্যা কৰা পৰিয়ালটোত তিনিটি শিশুও আছে। তেওঁলোকৰ আটাইৰে বয়স ৭ বছৰৰ তলত।

ইজৰাইলৰ সামৰিক বাহিনীয়ে প্ৰকাশ কৰা মতে শনিবাৰে ইজৰাইলৰ ওপৰত হোৱা মাৰাত্মক আক্ৰমণৰ পিছতে হামাছে কেইবাজনো ইজৰাইলীক বন্দী কৰিছে। যিহেতু ইজৰাইলী সৈন্য আৰু অসামৰিক লোকক হামাছে অপহৰণ কৰাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে।ইফালে ইজৰাইলীসকলৰ বহুতে তেওঁলোকৰ বন্ধু আৰু পৰিয়ালৰ ফটো শ্বেয়াৰ কৰিছে । দাবী কৰা অনুসৰি সেইসকল লোকক হামাছে অপহৰণ কৰি নিছে।

তেওঁলোকক সুৰক্ষিতভাৱে ঘূৰাই পোৱাৰ আশাতে বহুতে সন্ধানহীন হৈ পৰা লোকসকলৰ ছবি প্ৰচাৰ কৰাত সহায় কৰিবলৈ ৰাইজক আহ্বান জনাইছে। ইপিনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ঘোষণা কৰিছে যে দেশখন “যুদ্ধৰ মাজত” আছে। ইজৰাইলৰ এজন বিষয়াই জনোৱা মতে এই অভূতপূৰ্ব আক্ৰমণত ইজৰাইলত কমেও ৭০০ জন লোক নিহত হৈছে আৰু ইজৰাইলৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি কমেও ১,৫০০ জন লোক আহত হৈছে।

গাজাৰ পেলেষ্টাইনী স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে শনিবাৰে গাজাত কমেও ২৩২ জন পেলেষ্টাইনী নিহত হৈছে আৰু ১,৬৯৭ জন আহত হৈছে।

Leave A Reply