Breaking

নলবাৰীত শ-শ বাছ কৰ্মীয়ে ৰখাই দিলে বহি:জিলা পৰা অহা বাছ সমূহ

0 1,577

ক’ভিড অতিমাৰীৰ বাবে সমগ্ৰ ৰাজ্যতে আন্তঃজিলা বাছ সেৱা বন্ধ হৈ আছে । কিন্তু আৰক্ষী-প্ৰশাসনৰ নীৰৱ ভূমিকাৰ বাবেই বহুটো যাত্ৰীবাহী বাছ বৰ্তমান সময়তো যাতায়ত কৰি আছে । ইফালে কোভিড প্ৰট’কল মানি একাংশ বাচ কৰ্মী আৰ্থিক দিশত শোচনীয় অৱস্থা হোৱাত পৰিলক্ষিত হৈছে । যাৰ বাবে উক্ত বাছ কৰ্মী সকলে চৰকাৰ তথা প্ৰশাসনক এই ক’ভিড সৃষ্ট পৰিবেশত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে । কিন্তু অন্যহাতে একাংশ বাছ কৰ্মীয়ে আৰক্ষীৰ চকুত ধূলি দি গাড়ীত যাত্ৰী কঢ়িয়াই অন্য জিলাৰ পৰা অন্য জিলালৈ যাতায়ত কৰি আছে । সেয়েহে আজি নলবাৰী গণেশ মন্দিৰ চ’কত নলবাৰী জিলা বাছ শ্ৰমীক সন্থাই সকলো আন্তঃজিলা বাছ সমূহ ৰখাই দিয়ে । লগতে নিজ স্থানলৈ ঘূৰাই পথাই । সংবাদ মাধ্যমৰ আগত বাছ শ্ৰমিক সন্থাই অৱগত কৰাই যে পেটত গাঠী দি তেওলোকে কভিড প্ৰট’কল মানি আছে ।তথাপিও একাংশ বাছ চলি আছে । সেয়েহে অনতি পলমে আন্তঃজিলা মুকলি কৰিব লাগে বুলি সংবাদ মাধ্যমৰ দ্বাৰা বাছ কৰ্মী সকলে চৰকাৰক আহ্বান জনায় ।

Leave A Reply