Breaking

ভূৰাগাঁও অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ বাহনি পানীয়ে নষ্ট কৰিলে কেবা শতাধিক কৃষকৰ তৰমুজ খেতি

0 1,088

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূৰাগাঁও অঞ্চলৰ প্ৰায় চাৰি শতাধিক কৃষকৰ হাহাকাৰ। নিশাটোৰ ভিতৰতেই ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে প্ৰায় হেজাৰ বিঘা মাটিৰ তৰমুজৰ খেতি। হঠাৎ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত সজাল ধৰা তৰমুজৰ খেতি বুৰ যোৱাত দিক-বিদিক হেৰুৱাই পেলাইছে ভূৰাগাঁও অঞ্চলৰ শ,শ কৃষকে। উল্লেখ্য যে স্বাধীনতাৰ পিছৰে পৰাই ভূৰাগাঁও অঞ্চলত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াত গৃহহীন হৈছে হেজাৰ, হেজাৰ পৰিয়াল। খহনীয়াগ্ৰস্ত কোনোবা পৰিয়ালে যদি আশ্ৰয় গ্ৰহণ কৰিছে মথাউৰিৰ দাতিঁত আন কোনোবাই আশ্ৰয় লৈছে ৰাজপথত দাঁতিত। খহনীয়াগ্ৰস্ত প্ৰায় চাৰি শতাধিক পৰিয়ালে খৰালি কালত ব্ৰহ্মপুত্ৰৰ বানী সোকোৱাৰ পিছত ব্ৰহ্মপুত্ৰৰ বুকুত হেজাৰ, হেজাৰ বিঘা তৰমুজৰ খেতি কৰি জীৱন-জীৱিকাৰ পথ মুকলাইছিল। সেউজীয়া হৈ উঠিছিল খেতিডৰা ,লমামলে লাগিছিল তৰমুজ কিন্তু এইখিনিতেই যেন পুণৰ প্ৰকৃতিৰ ৰোষত পৰিছিল দৰিদ্ৰ কৃষক সকল।

যোৱা নিশা হঠাৎ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী বৃদ্ধি পোৱাত বানত বুৰ গৈছে শ,শ বিঘা সজাল ধৰা খেতি পথাৰ আৰু ইয়াৰ পিছতেই হাহাকাৰ লাগিছে দৰিদ্ৰ কৃষক সকলৰ মাজত।

Leave A Reply