Breaking

জামুগুৰিহাটত দুস্কৃতিকাৰীয়ে পুখুৰীত বিহ দি নিধন কৰিলে শ-শ মাছ

0 2,031

মৎস্যপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ এক সপোন লৈ আগবঢ়া দুগৰাকী যুৱকৰ  সপোন আশা আকাংক্ষা ক্ষন্তেকতে চুৰমাৰ কৰি দিলে একাংশ পৰশ্ৰিকাতৰ লোকে৷দীৰ্ঘদিনৰ কষ্ট-পৰিশ্ৰম-সপোন নিমিষতে শেষ কৰি দিলে এই দুষ্ট প্ৰকৃতিৰ একাংশ লোকে৷বেংকৰপৰা ঋন লৈ নিজকে স্ব-নিৰ্ভৰশীল কৰি তোলাৰ আশাৰে জামুগুৰিহাটৰ হাবিপাল গাঁৱত প্ৰায় ৩ বিঘা মাটিৰ পৃথকে পৃথকে দুটাকৈ  পুখুৰীত মৎস্যপালন কৰিবলৈ আৰম্ভ কৰিছিল জামুগুৰিহাটৰে দুই নিবনুৱা যুৱক অঞ্জনজ্যোতি বৰুৱা আৰু ৰাজু নেৱাৰে৷ৰৌ-বাহু-কুঁহি-ব্ৰিগেদকাপ মাছকে আদিকৰি প্ৰায় ১০ কুইন্টলৰো অধিক মাছৰ পোনা দি নিতৌ প্ৰতিপালন কৰি আহিছিল দুই যুৱকে৷কিন্তু সমাজৰ একাংশ হিংসুক প্ৰকৃতিৰ লোকৰ বাবেই আজি পুখুৰীটোৰ শ-শ মাছৰ মৃত্যু হৈ উপঙি থকা প্ৰত্যক্ষ কৰি ভাঙি পৰে দুই নিবনুৱা যুৱক৷কোনো দুস্কৃতিকাৰীয়ে কালি নিশা পুখুৰীটোত বিহ জাতীয় পদাৰ্থ ছতিয়াই দিয়াৰ পিছতেই পুখুৰীটোৰ শ-শ পোহনীয়া মাছৰ মৃত্যু হয়৷আজি পুৱাৰ ভাগত দুয়োগৰাকী যুৱকে পুখুৰীত থকা মাছক দানা দিবলৈ গৈ এইদৰে মৃত সকলো মাছ উপঙি থকা দেখা পাই কিংকৰ্তব্যবিমূঢ় হৈ পৰে৷দীৰ্ঘদিনৰ পৰিশ্ৰম আৰু স্ব-নিৰ্ভৰশীল হোৱাৰ আশা চুৰমাৰ হৈ পৰাত দুয়োগৰাকী যুৱকৰ মুৰত সৰগ ভাঙি পৰাৰ দৰে হোৱাত কান্দোনত ভাঙি পৰে৷দুস্কৃতিকাৰীৰ এনে অমানৱীয় কাণ্ডক গৰিহণা দিয়াৰ লগতে  উচিত শাস্তিও কামনা কৰি কান্দোনত ভাঙি পৰা দেখা গ’ল দুই যুৱকক৷ইতিমধ্যে দুয়োগৰাকী যুৱকেই ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷

মনকৰিবলগীয়া যে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই নিৱনুৱা যুৱক যুৱতী সকলক স্ব-নিৰ্ভৰশীল কৰি তুলিবৰ বাবে দেখুওৱা বিভিন্ন ধৰণৰ কৰ্মৰ  প্ৰতি আকৃষ্ট হৈয়েই বেংকৰপৰা ২ লক্ষ টকা ঋন লৈ মৎস্যপালনত মনোনিবেশ কৰা দুয়োগৰাকী যুৱকৰ স্বাৱলম্বিতাৰ সোণোৱালী সপোন একাংশ দুস্কৃতিকাৰীৰ বাবে চুৰমাৰ হৈ পৰা ঘটনাটোৱে অঞ্চলটোতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷এনে নিকৃষ্ট কাণ্ডৰ লগত জড়িত দোষিক আৰক্ষীয়ে কৰায়ত্ব কৰি দৃষ্টান্তমুলক শাস্তি বিহাৰো দাবী কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে৷উল্লেখ্য যে বিগত জুলাই মাহতো মৎস্যপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ বাছি লোৱা ১০ গৰাকী যুৱকৰে গঠিত পাঞ্চজন্য আত্মসহায়ক গোটৰ ৭ বিঘা মাটিৰ পুখুৰীটোতো দুস্কৃতিকাৰীয়ে বিহ দিয়াৰ ফলত ৫ কে:জি: ওজনৰ মাছৰপৰা থলুৱা মাছলৈকে সকলো মাছৰ এইদৰেই মৃত্যু হৈছিল৷

Leave A Reply