ধেমাজিত চ’ত মহীয়া আবতৰীয়া বানত বুৰ গ’ল শ শ হেক্টৰ নহৰু খেতি,নাও ব্যৱহাৰ ফচল উঠোৱাত

ব্ৰহ্মপুত্ৰ আৰু লালী নৈ পাৰত কৃষকৰ ফচল পানীৰ তলত। কৃষকৰ একমাত্ৰ জীৱন-জীৱকাৰ সম্বল হিচাপে ব্যৱহাৰ কৰি আহিছে নহৰু খেতিকে। তেনে স্থলত কৃষকৰ সপোন এইবাৰ চূৰমাৰ কৰিলে চ’ততে অহা আবতীয়া বানে। হাত নাও লৈ নহৰু উঘলাৰ চেষ্টা কৃষকৰ। বিষেশকৈ ৰাজ্যত নেৰেনেপেৰা বৰষুণৰ ফলত ধেমাজি জোনাই সমষ্টিৰ চমকং গাঁও পঞ্চায়ৰ লালী নৈ পাৰৰ অপ্সৰা, চিভিল কৈৱৰ্ত, লামা আদি কেইবাখনো গাঁৱত নহৰু, সৰিয়হ,আলু খেতি এআঁঠু-একঁকাল পানীৰ মাজত গেলিবলৈ ধৰিছে ফচলসমূহ। নহৰু খেতিৰ বাবে বিখ্যাত ব্ৰহ্মপুত্ৰ পাৰৰ এই গাঁও অঞ্চলৰ লোকৰ বাবে এইবাৰৰ অকস্মাতে অহা বানে কাল হৈ পৰা বুলি উল্লেখ কৰে ভূক্তভূগী খেতিয়কে। কাৰণ চ’ত মাহতে কেতিয়াও বানপানী হোৱা নাছিল উক্ত গাঁও অঞ্চলত। এইক্ষেত্ৰত অকস্মাতে এই বান ক’ৰ পৰা আহিল ইয়াক লৈ সন্দেহ প্ৰকাশ কৰিছে খেতিয়ক ৰাইজে। এয়া চীন আৰু অৰুণাচল প্ৰদেশৰ নদীবান্ধৰ অতিৰিক্ত পানী এৰি দিয়াৰ ফল বুলিও সন্দেহ কৰে ৰাইজে। কৃষি প্ৰধান গাওঁ কেইখনত গত বছৰৰ দৰে নহৰু বিক্ৰী কৰি ৰঙালী বিহু আনন্দ লোৱা পৰিৱৰ্তে,এই সকল খাঁটি খোৱা গঁঞা ৰাইজে মূৰে কপালে হাত দিব লগাত পৰিছে।

আনহাতে এই খবৰ জনপ্ৰতিনিধি তথা জিলা কৃষি বিভাগক খবৰ দিয়াৰ পিছতো গেলি-পচি যোৱা খেতিয়কৰ ফচল চাবলৈ নহাত ক্ষুব্ধ হৈ পৰে ৰাইজে। আনহাতে সোঁনাৰিঘাট, মেদিপমুৱা , দীঘলী পামতো জৈৱিক পদ্ধতিৰে উৎপাদন কৰা শ শ বিঘা নহৰু খেতি আৱতৰিয়া বানে নষ্ট কৰাৰ খবৰ আমালৈ আহে। মুক্তিয়াৰ গাঁও পঞ্চায়ত মেদি পমুৱা, সোণাৰীঘাট, দেউৰীঘাট, দিঘলিপাম, চুমনিয়াকে ধৰি দহখন গাঁৱৰ কৃষক ৰাইজেও বাৰিষাৰ পূৰ্বেই ব্ৰহ্মপুত্ৰ নদীৰ প্ৰথমটো বানত  শ শ হেক্টৰ  নহৰু, সৰিয়হ খেতি নষ্ট হোৱা বুলি কয়। এই ক্ষেত্ৰত প্ৰকৃত খেতিয়কৰ নষ্ট হোৱা পথাৰ তদন্ত কৰি চৰকাৰ প্ৰশাসনক একালীন ক্ষতিপূৰণ দিবলৈ কৃষক নেতা ভৱেন হালৈ, অৰূপ গগৈ আৰু প্ৰকৃতি কৰ্মী টিকেন কাকতিয়ে আহ্বান জনাইছে।

Related Articles